ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অসম পেট্ৰ'-কেমিকেলচ লিমিটেডৰ ১ কোটিৰ অনুদান

author img

By

Published : May 27, 2021, 2:25 PM IST

Updated : May 27, 2021, 3:52 PM IST

মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অসম পেট্ৰ'-কেমিকেলচ লিমিটেডৰ ১ কোটিৰ অনুদান । অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী , নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত এপিএল কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে ১ কোটিৰ চেক ।

APL DONATE ONE CRORE
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ এপিএলৰ অনুদান

নাহৰকটীয়া,২৭ মে':অসমত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ মাজতে অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ৰাইজক মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধি আৰু সাহাৰ্য পুঁজিলৈ দান বৰঙণিৰ বাবে আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম পেট্ৰ'-কেমিকেলচ লিমিটেড কৰ্তৃপক্ষই বুধবাৰে ১ কোটি টকাৰ বৰঙণি আগবঢ়াই ।

APL DONATE ONE CRORE
অসম পেট্ৰ' কেমিকেলচ লিমিটেডৰ ১ কোটিৰ অনুদান

জনতা ভৱনত অসম পেট্ৰ'-কেমিকেলচ লিমিটেড কৰ্তৃপক্ষই মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰে ১ কোটি টকাৰ চেক । এ.পি.এলৰ অধ্যক্ষ বিকুল চন্দ্ৰ ডেকা, পৰিচালন সঞ্চালক অতুল চন্দ্ৰ বৰ্মন, বিত্ত সঞ্চালক কে.এ. মুৰুলী আৰু কোম্পানীৰ সচিব উত্তম বাইলুঙ উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে চেকখন ।

উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈ আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰধান সচিব ড৹ কে.কে. দ্বিবেডীৰ উপস্থিতিত উক্ত ধনৰাশিৰ চেক প্ৰদান কৰে ৷

লগতে পঢ়ক: ডবকাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি

Last Updated : May 27, 2021, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.