মৰাণ,21 জানুৱাৰী: বুধবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উনবিংশতিতম বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় ৷ বামুনবাৰী কণিষ্ঠ মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত কৰা প্ৰতিনিধি সভাখনত লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব ঋতুপৰ্ণ হাতীবৰুৱা আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্নিবাণ গগৈক প্ৰদান কৰা হয় ৷
উল্লেখ্য যে,বুধবাৰে বামুনবাৰী কণিষ্ঠ মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তচেন ডেকা,সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত আৰু জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ৷
লগতে পঢ়ক: ডিব্ৰুগড়ত 'কা' ৰ বিৰোধিতাৰে এ জে ৱাই চি পি ৰ প্ৰতিবাদ