মৰাণ, 3 জানুৱাৰী : দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যায় জ্যেষ্ঠ নাগৰিক পৰিষদৰ নৱম দ্বি-বাৰ্ষিক অধিবেশন (Annual meeting of Dibrugarh Senior Citizens’ Council ) ৷ ৰোহিনী কান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় অধিবেশনখনি ৷ পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ সভাপতিত্ব কৰে ভূদেৱ ফুকনে ৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ড৹ সৃষ্টিধৰ দত্তই ৷
অনুষ্ঠানত শৈক্ষিক, সামাজিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা আশীৰ উৰ্ধৰ চাৰিগৰাকীকৈ বিশিষ্ট ব্যক্তি ক্ৰমে জয়া দেৱী, সুনীল বৰঠাকুৰ, হৰেন চেতিয়া আৰু ছৰ্দাৰ ৰেচম সিঙক একোখনকৈ ফুলাম গামোচা, চেলেং-চাদৰ, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷
দেওবাৰৰ সভাখনত উপস্থিত জ্যেষ্ঠ নাগৰিকসকলৰ সন্মতি ক্ৰমে আগন্তুক দুটা বৰ্ষলৈ পৰিষদখন পৰিচালনা কৰিবলৈ ড৹ সৃষ্টিধৰ দত্তক সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয় ৷ তাৰোপৰি বলিন্দ্ৰ নাথ বৰদলৈক সম্পাদকৰ গুৰুদায়িত্ব প্ৰদানেৰে ত্ৰিশজনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় ৷
লগতে পঢ়ক : অসম জাতীয় পৰিষদৰ উদ্যোগত অসম কেশৰীৰ মৃত্য়ু দিৱস পালন