ETV Bharat / state

মৰাণৰ এটা ব্যতিক্ৰমী ক'ভিড কেয়াৰ কেন্দ্ৰ - Jawahar Naboday Bidyalay

গীতে-মাতে মুখৰিত মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ক’ভিড কেয়াৰ কেন্দ্ৰ(covid care centre) ৷ ক’ভিডক জয় কৰিবলৈ ক’ভিড ৰোগীয়ে প্ৰাৰ্থনা, নৃত্য আৰু বাদ্যযন্ত্ৰ বজাই কৰিছে আনন্দ ৷ এতিয়া মৰাণৰ এই ক’ভিড কেয়াৰ কেন্দ্ৰ(covid care centre)টোৱে সকলোৰে দৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷

মৰাণৰ এটা ব্যতিক্ৰমী ক'ভিড কেয়াৰ কেন্দ্ৰ

author img

By

Published : Jun 7, 2021, 11:06 AM IST

মৰাণ,7 জুন: গীতে-মাতে মুখৰিত মৰাণৰ এটা ব্যতিক্ৰমী ক’ভিড কেয়াৰ কেন্দ্ৰ(covid care centre) ৷ মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়(Jawahar Naboday Bidyalay)ত আছে এই ক'ভিড কেয়াৰ কেন্দ্ৰ(covid care centre)টো ৷ এই ক’ভিড কেয়াৰ কেন্দ্ৰ(covid care centre)টোত চিকিৎসাধীন হৈ থকা ৰোগীয়ে কৰিছে প্ৰাৰ্থনা, নৃত্য আৰু বাদ্যযন্ত্ৰ বজাই কৰিছে আনন্দ ৷

মহামাৰীৰ এই জটিল সময়ত জীয়াই থকাটোৱে হৈছে এতিয়া জীৱনৰ একমাত্ৰ লক্ষ্য । এই জটিল আৰু ভয়ংকৰ পৰিস্থিতিৰ মাজতে কোনোৱে যদি নিজক নিৰোগী কৰি ৰাখিবলৈ চেষ্টা কৰিছে, আন কোনোবাই মানসিকভাৱে নিজক শক্তিশালী কৰি ৰোগৰ পৰা মুক্ত কৰিবলৈ অবিৰাম চেষ্টা কৰিছে ।

মৰাণৰ এটা ব্যতিক্ৰমী ক'ভিড কেয়াৰ কেন্দ্ৰ

উল্লেখ্য যে, ক'ভিডৰ এই যুঁজত জয়ী হ’বলৈ সকলোৱে মানসিকভাৱে শক্তিশালী হ’ব লাগিব । সেয়ে মৰাণৰ এটা ক'ভিড ৱাৰ্ডত একাংশ ক'ভিড ৰোগীয়ে হাঁহি-মাতি নিজকে নিৰোগী কৰি ৰখাৰ প্ৰয়াস কৰিছে ৷

মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ক'ভিড কেয়াৰ কেন্দ্ৰত থকা ৰোগীসকলৰ মনোবল বৃদ্ধি কৰিবলৈ স্বাস্থ্যকৰ্মীয়ে ৰোগীসকলৰ লগতে কৰিছে প্ৰাৰ্থনা । ৰোগীসকলেও গীতৰ তালে তালে নৃত্য কৰি মনোবল বৃদ্ধি কৰাৰ এক প্ৰয়াস চলাইছে ৷ আন কোনোবাই আকৌ বাদ্য বজাই মনোবল বৃদ্ধিৰ লগতে অন্য ৰোগীসকলকো মনোৰঞ্জন দিছে । মৰাণৰ এই ক’ভিড কেয়াৰ কেন্দ্ৰ(covid care centre)টোৱে এতিয়া সকলোৰে দৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ: জকাইত বৃদ্ধ দম্পতীক আগবঢ়ালে সহায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.