ETV Bharat / state

ক'ভিড সংক্ৰমণৰ প্ৰতিৰোধ সৰ্ম্পকে ডিব্ৰুগড় জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক'ভিড-19 সংক্ৰমণৰ প্ৰতিৰোধ সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক ৷ এই পৰ্যালোচনা সভাখনত ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে উপস্থিতিত থাকে জিলাখনৰ অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকল, অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ চিকিৎসকসকল ।

ক'ভিড সংক্ৰমণৰ প্ৰতিৰোধ সৰ্ম্পকে ডিব্ৰুগড় জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
ক'ভিড সংক্ৰমণৰ প্ৰতিৰোধ সৰ্ম্পকে ডিব্ৰুগড় জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Apr 23, 2021, 1:26 PM IST

মৰাণ, 23 এপ্ৰিল : ক'ভিড-19 সংক্ৰমণৰ প্ৰতিৰোধ সম্পৰ্কে ডিব্ৰুগড় জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ বৈঠক ৷ ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাখনত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ চিকিৎসকসকল উপস্থিতিত থাকে ।

সভাত উপায়ুক্তগৰাকীয়ে চিকিৎসকসকলৰ পৰা জিলাখনৰ চিকিৎসালয়সমূহত ক'ভিড-19 ৰোগীসকলে লাভ কৰি থকা চিকিৎসা সম্পৰ্কে বুজ লোৱাৰ লগতে ভৱিষ্যতে কিদৰে ক'ভিড ৰোগী সকলক চিকিৎসালয়সমূহত উন্নত মানৰ চিকিৎসা সেৱা প্ৰদান কৰা হ'ব তাৰ বিষয়ে আলোচনা কৰে । তেখেতে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ পৰাও বৰ্তমান পৰিস্থিতিত চিকিৎসালয়খনত ক'ভিড-19 ৰোগীসকলক কেনেধৰণৰ চিকিৎসা প্ৰদান কৰি থকা হৈছে সেই সম্পৰ্কেও বুজ লয় ।

ক'ভিড সংক্ৰমণৰ প্ৰতিৰোধ সৰ্ম্পকে ডিব্ৰুগড় জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
ক'ভিড সংক্ৰমণৰ প্ৰতিৰোধ সৰ্ম্পকে ডিব্ৰুগড় জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

আনহতে, উপায়ুক্তগৰাকীয়ে প্ৰশাসনৰ বিষয়াসকলক বিমান বন্দৰ আৰু ৰেল ষ্টেচনত চলি থকা যাত্ৰী সকলৰ ক'ভিড-19 পৰীক্ষা, হাতত ষ্টাম্প লগোৱা আদি কামসমূহ সুচাৰুৰূপে কৰি যাবলৈ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে চক্ৰ বিষয়াসকলক হোম আইচলেছনত থকা ক'ভিড ৰোগীসকলে নিয়মসমূহ কঠোৰভাবে পালন কৰিছে নে নাই আৰু জনসাধাৰণে মুখত মাস্ক পৰিধান কৰাৰ লগতে অন্যান্য ক'ভিড নিয়মসমূহ পালন কৰিছে নে নাই তাৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ কয় । উক্ত সভাখনত জিলা উন্নয়ন আয়ুক্ত পার্থপ্ৰতিম বৈৰাগীও উপস্থিত থাকে ।
লগতে পঢ়ক : বিশ্বনাথৰ বাঘমৰা দৈনিক বজাৰত ক’ভিডৰ নতুন নীতি উলংঘন একাংশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.