মৰাণ,22 অক্টোবৰ: মনত কৰ্মস্পৃহা থাকিলে দৰিদ্ৰজনেও সলাব পাৰে ভাগ্যৰ চকৰি ৷ তেনে এক উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় জিলাৰ জকাই কলিয়নী ১ নং মহমাৰী গাঁৱৰ যুৱক ৰামবাবু কৰ্মকাৰে । অতি কম মূলধনেৰে ঘৰতে গ্ৰীণ টি প্ৰস্তুতৰ কাম আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱাক দেখুৱাইছে কৰ্মৰ এক উৎকৃষ্ট নিদৰ্শন ।
ইতিমধ্যে আৰ.কে.টি নামেৰে এক ব্ৰেণ্ডৰ জৰিয়তে গ্ৰীণ টিৰ বজাৰত এক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে যুৱকজনে। সৰুৰে পৰা অতি দুখ কষ্টৰ মাজেৰে ডাঙৰ-দীঘল হোৱা যুৱকজনে উচ্চ শিক্ষিত হোৱাৰ পাছতো চৰকাৰী চাকৰিৰ পাছত নদৌৰি স্বনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰা ৰামবাবু কৰ্মকাৰ এতিয়া বহুতৰ বাবে হৈ পৰিছে আদৰ্শ স্বৰূপ ।
লগতে পঢ়ক : হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ