ETV Bharat / state

স্বজন-তোষণ নীতিৰে চলিছে নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনি !

author img

By

Published : Oct 16, 2020, 4:43 PM IST

সংবাদ মাধ্যমৰ আগত হুকহুকাই কান্দিছে টিংখাঙৰ এগৰাকী জনপ্ৰতিনিধিয়ে । মানসিকভাৱে ভাগি পৰা বুলি উল্লেখ কৰিছে এইগৰাকী পঞ্চায়ত সভানেত্ৰীয়ে ৷ আনকি অৰুণোদয় আঁচনি ৰূপায়নতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ কেন্দুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা সিং বকলিয়াল ৷

allegation of scam
aronoday scheme

টিংখং, 16 অক্টোবৰ : চৰকাৰী আঁচনিৰ নামত চলিছে নেকি স্বজন-তোষণ নীতি ! টিংখাঙৰ এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ চাঞ্চল্যকৰ মন্তব্যক লৈ তোলপাৰ লাগিছে টিংখাঙত ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নাম বাচনিৰ ক্ষেত্ৰত বিজেপি নেতা-কৰ্মীয়ে নিজৰ পচন্দৰ লোকৰ নাম তালিকাভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ তুলিছে টিংখাং সমষ্টিৰ কেন্দুগুৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা সিং বকলিয়ালে ৷

পঞ্চায়ত সভানেত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, হিতাধিকাৰীৰ তালিকাত প্ৰকৃত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত নোহোৱাত পঞ্চায়ত সভানেত্ৰী গৰাকীয়ে অভিযোগ দাখিল কৰিছিল টিংখাং খণ্ড উন্নয়ন বিষয়াক ৷ বিষয়াগৰাকীয়ে ইয়াৰ পুনঃনিৰীক্ষণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেয়া হৈ নুঠাত সভানেত্ৰীগৰাকী কাষ চাপে উপায়ুক্তৰ ৷ জিলা উপায়ুক্তই তালিকাৰ পুনঃনিৰীক্ষণৰ নিৰ্দেশ দিয়াৰ পাচত পুনৰ বিজেপিৰ নেতা-কৰ্মীক লগত লৈ তালিকা প্ৰস্তুত কৰা বুলি জানিবলৈ দিছে বকলিয়ালে ৷

স্বজন তোষণ নীতিৰে চলিছে নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনি !

তেওঁ ক্ষোভ প্ৰকাশ কৰে যে, কংগ্ৰেছৰ পৰা নিৰ্বাচিত হোৱাৰ বাবেই তেওঁক পঞ্চায়তৰ প্ৰতিটো কামত বাধা দিয়াৰ লগতে একাষৰীয়া কৰা হৈছে ৷ আনকি খণ্ড উন্নয়ন বিষয়াগৰাকীক তালিকা বিসংগতি সন্দৰ্ভত অভিযোগ দিয়াত তেওঁক দুৰ্ব্যৱহাৰ কৰাৰ লগতে বাক বিতণ্ডাত লিপ্ত হ’ব লগীয়া হয় বুলি জানিবলৈ দিছে সভানেত্ৰীগৰাকীয়ে ৷ যাৰ বাবে সাংবাদিকৰ কেমেৰাৰ সন্মুখতে কান্দোনত ভাগি পৰে পবিত্ৰা সিং বকলিয়াল ৷ ক্ষোভ প্ৰকাশ কৰি তেওঁ কয় যে, তেওঁক সুস্থিৰভাৱে কাম কৰিবলৈ দিয়া হোৱা নাই আৰু প্ৰতিটো ক্ষেত্ৰতে বঞ্চিত কৰা হৈছে ৷ যাৰ বাবে মানসিকভাৱে ভাগি পৰা বুলিও জানিবলৈ দিছে বকলিয়ালে ৷

এই সভানেত্ৰীগৰাকীয়ে অভিযোগ কৰা ধৰণে যদি সঁচাকৈয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাভুক্তকৰণত এইধৰণৰ কেলেংকাৰী সংঘটিত হৈছে, তেন্তে এইয়া আঁচনি ৰূপায়নত চৰকাৰৰ ডাঙৰ বিফলতা বুল ক’ব লাগিব ৷ ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিৰ নামত প্ৰকৃত কৃষকক বঞ্চিত কৰি পথাৰ দেখি নোপোৱা একাংশ কৃষকৰ নাম তালিকাভুক্ত কৰাৰ ঘটনা সংঘটিত হৈছিল ৷ সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগিছিল এই কেলেংকাৰীক লৈ ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ সমষ্টিত ভূমি পট্টা বিতৰণত ভয়ংকৰ কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.