মৰাণ, 9 ছেপ্টেম্বৰ : উপ-নিবাৰ্চনক লৈ শাসক দলে তৎপৰতা আৰম্ভ কৰাৰ সময়তে থাওৰা সমষ্টিত বাহৰ পাতি প্ৰচাৰত ব্যস্ত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ।
![Akhil Gogoi will announce the name of the candidate of Thowra Constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8042to8048-akhilgogoiwillannouncethenameofthecandidateofthaoraconstituency-as10031_08092021211825_0809f_1631116105_16.jpg)
বিজেপিক পৰাভূত কৰিবলৈ অসম কংগ্ৰেছৰ নেতৃত্বৰ লগতে কংগ্ৰেছ দলৰ উপ সভাপতি ৰাহুল গান্ধীৰ লগত আলোচনা কৰিও মিত্ৰতাৰ ক্ষেত্ৰত সফল হ'ব নোৱাৰাত থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয় ৷
![Akhil Gogoi will announce the name of the candidate of Thowra Constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8042to8048-akhilgogoiwillannouncethenameofthecandidateofthaoraconstituency-as10031_08092021211825_0809f_1631116105_1084.jpg)
ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক গগৈয়ে বৃহস্পতিবাৰে 10 ছেপ্টেম্বৰত থাওৰাত সংবাদমেল অনুষ্ঠিত কৰি উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ ক্ষেত্ৰত দলৰ চূড়ান্ত সিদ্ধান্তৰ কথা সদৰী কৰিব ৷ তেওঁ লগতে সেইদিনাই থাওৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে ৷
কংগ্ৰেছ নতুবা আঞ্চলিক শক্তিৰ লগত ৰাইজৰ দলৰ মিত্ৰতা নহ’লে উপ-নিবাৰ্চন হ'ব লগা ছটা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ কথা প্ৰকাশ কৰে ৷ উল্লেখ্য যে, ইতিমধ্যে থাওৰা সমষ্টিৰ গাঁৱে গাঁৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰক লগত লৈ অখিল গগৈয়ে প্ৰচাৰত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ।
![Akhil Gogoi will announce the name of the candidate of Thowra Constituency](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8042to8048-akhilgogoiwillannouncethenameofthecandidateofthaoraconstituency-as10031_08092021211825_0809f_1631116105_35.jpg)
লগতে পঢ়ক : মাজুলীৰ বিননি : ওৰে নিশা চলিল উদ্ধাৰ অভিযান