ETV Bharat / state

Raijor Dal Organizational Meeting:ডিব্ৰুগড়ত বিৰোধী শক্তিৰ এজনকেই প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব:অখিল গগৈ - MLA Akhil Gogoi on opposition candidate

মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি অৰুণাচলক এৰি দি হাত সাৱটি বহি থকা বাবে দুজনকৈ অসমীয়াই প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি মন্তব্য় বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi on Assam Arunachal border dispute)।

Meeting of Raijor Dal in Dibrugarh
বিধায়ক অখিল গগৈ
author img

By

Published : Jun 6, 2023, 8:51 PM IST

বিধায়ক অখিল গগৈ

মৰাণ, ৬মে: ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী শক্তিৰ এজনেই প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ (MLA Akhil Gogoi on opposition candidate)। মঙলবাৰে ডিব্ৰুগড়ত এইদৰে মন্তব্য় কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে । ডিব্ৰুগড়ৰ বৰবৰুৱা চ্যুকাফা ভৱনত অনুষ্ঠিত ৰাইজৰ দলৰ সাংগঠনিক বৈঠকত অংশগ্ৰহণ বিধায়ক অখিল গগৈয়ে এইদৰে মন্তব্য় কৰে (Barbarooah Sukapha Bhawan in Dibrugarh)।

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এ আই ইউ ডি এফ সাম্প্ৰদায়িক দল বুলি মন্তব্য় কৰি এই দলটোক কোনোপধ্যে বিশ্বাস কৰিব নোৱাৰি বুলি কয় (Meeting of Raijor Dal in Dibrugarh)। সেইবাবে দলটোক একাষৰীয়া কৰি বিৰোধী দলসমূহ একত্ৰিত হোৱা বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে । ইপিনে, ধেমাজিৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে । তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দৃষ্টিত "গুড বয়" হ'বলৈ গৈ এই স্পৰ্শকাতৰ বিষয়টোৰ ওপৰত নীৰৱতা অৱলম্বন কৰা বুলি মন্তব্য কৰিছে । অথচ অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । দিল্লীৰ সন্মুখত আঠু কাঢ়ি জীয়াই থকা মুখ্যমন্ত্ৰীয়ে অসমৰ মাটি অৰুণাচলক এৰি দি হাত সাৱটি বহি থকাৰ বাবে দুজনকৈ অসমীয়াই প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি প্ৰকাশ কৰিছে ।

একেদৰে অকস্মাতে মুখ্যমন্ত্ৰীয়ে মাজনিশা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাৰ্তা দিয়া সন্দৰ্ভতো মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে । জোনমনি ৰাভা হত্যাকাণ্ডৰ সময়তো বিষয়টো ফালৰি কাটি নিবলৈ মুখ্যমন্ত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অকস্মাতে ঘোষণা কৰিছিল । অনুৰূপ ধেমাজিত সীমা সমস্যাক লৈ সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভতো বিষয়টো ফালৰি কাটি নিবলৈ এই পন্থা অৱলম্বন কৰা বুলি কটাক্ষ কৰিছে অখিল গগৈয়ে । মূল্যবৃদ্ধি প্ৰসংগত বিজেপিৰ মন্ত্ৰী-বিধায়কসকলৰ টুলুঙা মন্তব্যকলৈয়ো কটাক্ষ বিধায়ক গগৈৰ । বিশেষকৈ সাংবিধানিক পদমৰ্যদা থকা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ টুলুঙা মন্তব্যকো সমালোচনা কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

লগতে পঢ়ক:Child injured: পুনৰ ৰে’লত অঘটন; চলন্ত ৰে’লৰ পৰা পৰি জীৱন মৃত্যুৰে যুঁজছে শিশুৱে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.