ডিব্ৰুগড়, 2 এপ্ৰিলঃ লক ডাউনৰ মাজতে শুনানি হয় অখিল গগৈৰ ৷ ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশৰ আদালতে স্বাস্থ্যজনিত অসুস্থতা ভুগি থকা অখিল গগৈৰ শুনানি ভিডিঅ' কনফৰেঞ্চযোগে গ্ৰহণ কৰে বৰবৰুৱা আৰক্ষী থানাৰ পৰা ৷ মঙলবাৰে ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল যদিও, চাবুৱা আৰক্ষীয়ে পুনৰ সেই ৰায়দান বাতিলৰ বাবে আবেদন কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে পুনৰ নাকচ কৰা হয় তেওঁৰ জামিন ৷ কৰ'ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে, অখিল গগৈ জ্বৰ আৰু মূৰৰ বিষত ভুগি থকাৰ লগতে খাদ্যনলীৰ অসুস্থতা আৰু পিঠিৰ বিষৰো সন্মুখীন হৈছে ৷ ইফালে দেশত যি সামাজিক ব্যৱধান বৰ্তাই ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে তেনে সময়তে, আৰক্ষীৰ জিম্মাত নিয়াৰ সময়ত তথা ন্যায় প্ৰক্ৰিয়ালৈ অনাৰ সময়ত আৰক্ষীয়ে এই ব্যৱধান মানি নচলি হাতত ধৰি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নেতাগৰাকীৰ অধিবক্তাই ৷
লগতে পঢ়কঃ পৃথিৱীৰ গতিপথত প্ৰভাৱ পেলাইছে বিশ্বজোৰা লকডাউনে !