ETV Bharat / state

ডুমডুমাত দুই ভাগত বিভক্ত যুৱ ছাত্ৰ পৰিষদ

শুকুৰবাৰে ডুমডুমাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱম দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি ৷ নৱ গঠিত সমিতিখনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কেইবাটাও শাখা সমিতিৰ একাংশ বিষয়ববীয়া আৰু কৰ্মীৰ ৷ প্ৰতিনিধি সভাত যুৱ ছাত্ৰ পৰিষদ একপ্ৰকাৰ দুই ভাগত বিভক্ত হোৱা পৰিলক্ষিত হয় ৷

AJYCP separated in two teams in Doomdooma
ডুমডুমাত দুই ভাগত বিভক্ত যুৱ ছাত্ৰ পৰিষদ
author img

By

Published : Oct 31, 2020, 2:03 PM IST

ডুমডুমা,31 অক্টোবৰ : ডুমডুমাত অনুষ্ঠিত হৈ থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ নৱম দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাত শুকুৰবাৰে সৃষ্টি হয় এক এক উত্তপ্ত পৰিস্থিতিৰ ৷ ডুমডুমাৰ অনন্ত বিবাহ ভৱনত অনুষ্ঠিত প্ৰতিনিধি সভাত যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ নৱ গঠিত সমিতিখনক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে কেইবাটাও শাখা সমিতিৰ একাংশ বিষয়ববীয়া আৰু কৰ্মীয়ে ।

ডুমডুমাত দুই ভাগত বিভক্ত যুৱ ছাত্ৰ পৰিষদ

প্ৰতিনিধি সকলৰ উপস্থিতিত প্ৰভাকৰ শৰ্মাক সভাপতি আৰু কল্যাণজ্যোতি মৰাণক সম্পাদক হিচাপে বাচনি কৰি পৰিষদৰ এখন 29 জনীয়া নতুন সমিতি গঠন কৰা হয় ৷ সাম্প্ৰতিক পৰিস্থিতিৰ সমস্যা সমূহ সমাধানৰ লক্ষ্যৰে সংবিধানৰ নীতি-নিয়মৰ মাজেৰে এখন সুন্দৰ সমিতি গঠন কৰা হৈছে বুলি যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সভাপতি সুৰজিত মৰাণে জানিবলৈ দিয়ে যদিও সমিতিখনৰ সভাপতি-সম্পাদকক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কেইবাখনো শাখা সমিতিয়ে ৷ ইফালে একাংশ সদস্যই সভাকক্ষ ত্যাগ কৰি ইয়াৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হয় ৷

প্ৰতিনিধি সভাখনৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থকা জিলা আৰু কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ অন্তৰ্গত বহুকেইখন শাখা সমিতিয়ে পৰিস্থিতি উত্তপ্ত কৰে । বিভিন্ন অবৈধ ব্যৱসায়ত লিপ্ত থকা লোকক মুখ্য পদবীত দায়িত্ব দিয়া বুলি অভিযোগ তুলি সভাপতি সুৰজিত মৰাণৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে একাংশ শাখা সমিতিয়ে । প্ৰতিনিধি সভাত যুৱ ছাত্ৰ পৰিষদখন একপ্ৰকাৰ দুই ভাগত বিভক্ত হোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : ৰাজাখনা পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.