ETV Bharat / bharat

দিল্লীত কোনে কৰিলে ইডিৰ বিষয়াক আক্ৰমণ ? - ED OFFICIALS ATTACKED

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ইডিৰ বিষয়াক আক্ৰমণ দুৰ্বৃত্তৰ । আক্ৰমণত চাইবাৰ অপৰাধী জড়িত থকাৰ অভিযোগ ।

Attack on ED officials
দিল্লীত কোনে কৰিলে ইডিৰ বিষয়াক আক্ৰমণ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 1:11 PM IST

নতুন দিল্লী: দিল্লীৰ বিজবাচন অঞ্চলত ভয়ংকৰ ঘটনা । বৃহস্পতিবাৰে ইডিৰ এটা দলক আক্ৰমণ । ইডিৰ দলটোৱে এক বৃহৎ চাইবাৰ অপৰাধ গোচৰৰ অভিযুক্তৰ বিৰুদ্ধে অভিযোন চলোৱাৰ সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত হয় । দলটোৱে অভিযুক্তই আত্মগোপন কৰা স্থানত অভিযান চলাইছিল ।

ঘটনাটো কি ?

তথ্য অনুসৰি, ইডিৰ দলটো পিপিপিৱাইএল চাইবাৰ এপ জালিয়াতি গোচৰত অভিযুক্ত অশোক শৰ্মা আৰু তেওঁৰ ভাতৃৰ ঘৰত তালাচী চলাবলৈ গৈছিল । এই সময়ছোৱাত, অভিযুক্তই হঠাতে ইডিৰ বিষয়াসকলক আক্ৰমণ কৰে । আক্ৰমণৰ ফলত কেইগৰাকীমান বিষয়া আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । অৱশ্যে হুলস্থূলৰ সুযোগ লৈ অভিযুক্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

গোচৰ ৰুজু

ঘটনাটোৰ লগে লগে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আক্ৰমণৰ ঘটনাটো সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰে আৰু অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে । ইয়াৰ উপৰিও ইডিৰ বিষয়াসকলৰ নিৰাপত্তা বৃদ্ধি কৰা হয় । যাতে ভৱিষ্যতে এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত নহয় ।

আৰক্ষীয়ে ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এখন চকীৰে ইডিৰ বিষয়াসকলক আক্ৰমণ কৰা হৈছিল । আৰক্ষীয়ে ঘটনাস্থলীত এখন ভঙা চকী উদ্ধাৰ কৰিছে । অৱশ্যে এই আক্ৰমণৰ আঁৰত কোন আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আৰক্ষীয়ে আক্ৰমণকাৰীৰ চিনাক্তকৰণৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ।

চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি

এই ঘটনাটোৱে চাইবাৰ অপৰাধৰ ক্ষেত্ৰত বৰ্ধিত হিংসা আৰু আক্ৰমণৰ ইংগিত দিছে । চৰকাৰে এনে অপৰাধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সময়তে চাইবাৰ অপৰাধীয়ে নিৰাপত্তা সংস্থাসমূহৰ ওপৰত আক্ৰমণ কৰাৰ বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এনে পৰিস্থিতিত, ইয়াক এক গুৰুতৰ প্ৰত্যাহ্বান বুলিও গণ্য কৰা হৈছে ।

লগতে পঢ়ক : মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত; ৯৪ টা নতুন চেকপইণ্ট স্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.