ডিব্ৰুগড়,26ছেপ্টেম্বৰ: সমাগত ২১ৰ বিধানসভা নিৰ্বাচন । প্ৰতিটো ৰাজনৈতিক দলেই আগন্তুক নিৰ্বাচনক লৈ তৎপৰ হৈ পৰাৰ সময়তে ৰাজ্যত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জন্ম লাভ কৰিলে 'অসম জাতীয় পৰিষদ' নামৰ এটা নতুন ৰাজনৈতিক দল । ইয়াৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাজ্যৰ ৭০ টাকৈ দল সংগঠনে নতুন এটা ৰাজনৈতিক দল গঠনৰ সকলো প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে ।
নতুনকৈ গঠন হ'বলগীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন আঞ্চলিক ৰাজনৈতিক দলক স্বাগতম জনাব আহোম জাতীয় গণমঞ্চই । উজনি অসমত শক্তিশালী সাংগঠনিক গণ ভেটি থকা আহোম জাতীয় গণমঞ্চ চামিল হ'ব কৃষক মুক্তিৰ নেতৃত্বত গঠন হ'ব লগা নতুন ৰাজনৈতিক দলটোত । অসম জাতীয় পৰিষদৰ লগতে সকলো আঞ্চলিক শক্তিক একেলগে আগবাঢ়ি আহিবলৈ আহ্বান জনাই এক আছুতীয়া সাক্ষাৎকাৰত আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকণ ভূঞাই এই কথা উল্লেখ কৰে । সম্পাদক গৰাকীয়ে ইয়াৰ লগতে কয় যে, সকলো আঞ্চলিক শক্তি এক হ'লে হিমন্ত বিশ্ব শৰ্মাৰ হিচাপত থকা ১০০খন আসন ফোটোকাৰ ফেন হ'ব ।
অন্য এক খবৰৰ বাবে: স্থান এৰি মান হেৰুৱালে যতীন বৰাই