মৰাণ,7 নৱেম্বৰঃ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দ্বাৰা অসমৰ চাহ বাগিচা সমূহত ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰিছে সোণোৱাল চৰকাৰে। শনিবাৰে সন্ধিয়া মৰাণৰ হিংৰিজান চাহ বাগিচাত 'হিংৰিজান আদৰ্শ উচ্চ বিদ্যালয়'ৰ নিৰ্মাণ শুভাৰম্ভ কৰে কামাখ্যা প্ৰসাদ তাছাই ।
শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে, মাহমৰাৰ বিধায়ক তথা ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী যোগেন মহনৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে, সমাগত নিৰ্বাচনক লৈ এতিয়া দিনে ৰাতিয়ে আধাৰশিলা স্থাপন কৰাত ব্যস্ত হৈছে মন্ত্ৰী বিধায়ক। বিশেষকৈ চাহ বাগিচা অঞ্চলত এতিয়া ভোটৰ স্বাৰ্থতেই নেতাৰ ভিৰ বাঢ়িছে ।
ক’ৰণা আতংকৰ মাজতো আজি মন্ত্ৰী যোগেন মহনে লাইটৰ পোহৰত কিছু সংখ্যক চাহ বাগিচাৰ নেতাৰ উপস্থিতিত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাই চাহ বাগিচাৰ শক্তিশালী নেতা কামাখ্যা প্ৰসাদ তাছাৰ জৰিয়তে । ইয়ে আচলতে প্ৰমাণ কৰে নিৰ্বাচন আহিলেই চাহ বাগিচালৈ মনত পৰে নেতা-মন্ত্ৰীৰ। অন্যথা বাগিচাৰ ৰাইজৰ খবৰ লবলৈ কাৰো সময় নাথাকে ।
লগতে পঢ়কঃ বিধায়কৰ কথা মানি বিপাঙত ডিব্ৰুগড়বাসী