ETV Bharat / state

নিশা অসম চিকিৎসা মহাবিদ্যালয়ত আকস্মিকভাৱে উপস্থিত ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত

author img

By

Published : May 23, 2021, 4:59 PM IST

অসম চিকিৎসা মহাবিদ্যালয়ত নিশা ২.৩০ বজাত উপস্থিত হৈ ক'ভিড পৰিস্থিতিৰ বুজ ল'লে ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্তই ।

AMCH
নিশা অসম চিকিৎসা মহাবিদ্যালয়ত আকস্মিকভাৱে উপস্থিত ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত

মৰাণ, ২৩ মে': মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো চিকিৎসা মহাবিদ্যালয়ত নিশা জ্যেষ্ঠ চিকিৎসক থকাটো বাধ্যতামূলক বুলি ঘোষণা কৰাৰ পাচতে ডিব্ৰুগড় জিলাতো এই ক্ষেত্ৰত প্ৰশাসন কঠোৰ হোৱা পৰিলক্ষিত হৈছে । শনিবাৰে নিশা প্রায় ২.৩০ বজাত ডিব্ৰুগড়়ৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) তপন কুমাৰ গোহাঁইয়ে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ক'ভিড সংক্ৰমিত ৰোগীসকলক নিশাৰ ভাগত চিকিৎসা সেৱা প্ৰদানৰ বুজ লয় ।

লগতে দিনে-নিশাই ক'ভিড ৰোগীসকলক সেৱা আগবঢ়াই থকা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক উৎসাহিত কৰাৰ এক প্ৰয়াস কৰে । ইয়াৰোপৰিও, ডিকম আৰু জকাইস্থিত ক'ভিড কেয়াৰ কেন্দ্ৰও আকস্মিক ভাবে পৰিদৰ্শন কৰে তপন কুমাৰ গোহাঁইয়ে ।

কেন্দ্ৰকেইটাত উপস্থিত হৈ চিকিৎসকৰ উপস্থিতিৰ লগতে চিকিৎসা ব্যৱস্থাৰ বুজ লয় অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে । মুঠৰ ওপৰত নতুন মুখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পাছতে ডিব্ৰুগড়ৰ চিকিৎসা, স্বাস্থ্য কৰ্মীৰ লগতে প্ৰশাসনীয় বিষয়াসকল অধিক তৎপৰ হৈছে ক'ভিড প্ৰতিৰোধৰ বাবে ।

লগতে পঢ়ক: চাপৰত দুজনকৈ লোকৰ প্ৰাণ কাঢ়িলে কৰ'ণা মহামাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.