ডিব্ৰুগড়,21 এপ্ৰিল : ডিব্ৰুগড়ৰ চৌকিডিঙীৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন থলীৰ পৰা মঙলবাৰে ৰাজ্যবাসীক ক’ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনাই অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে ৷ সকলোকে হাতযোৰ কৰি এই আহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে ৷
তেওঁ কয় যে, "সমগ্ৰ অসমবাসীলৈ হাতযোৰ কৰি অনুৰোধ জনাইছো যে, ক’ভিড সম্পৰ্কে যিখিনি নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে, সেইখিনি আমি মানি চলিব লাগিব । বিহু পাতিব নোৱাৰাৰ আক্ষেপ নকৰি আপোনাৰ নিজৰ কাৰণে আৰু পৰিয়ালটোৰ কাৰণে এইখিনি নিয়ম যেন মানি চলে । মাস্কখন যেন মুখত পিন্ধি থাকে, দূৰত্ব যিমান পাৰে বজাই ৰাখে । হাত দুখন বাৰে বাৰে চাবোনেৰে ধুব, নহ'লে চেনিটাইজাৰ ব্যৱহাৰ কৰিব । মানুহ সু-স্বাস্থ্যৰে জীয়াই থাকিলেহে বিহু উদযাপন হৈ থাকিব । দেহা থাকে মানেহে বেহা’’ ।
উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি আধাতে বিহু অনুষ্ঠান সামৰে বিহু উদযাপন সমিতিয়ে ৷ চৰকাৰে ক’ভিডৰ ক্ষেত্ৰত বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি ৰাইজক সুস্থ হৈ থাকিবলৈ আহ্বান জনাই অভিনেত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক : মৰাণহাট ৰেল ষ্টেচনত ক'ভিড প্ৰতিৰোধৰ বাবে নাই কোনো তৎপৰতা