মৰাণ, ৩ জুন: এতিয়াও ডিব্ৰুগড় জিলাত ক'ভিড পৰস্থিতি জটিল ৰূপতে আছে । ইতিমধ্যে জিলাখনৰ বহু গাঁৱৰ লগতে চাহ বাগিচা অঞ্চল কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা স্বাস্থ্য বিভাগে । হোম কোৱাৰেন্টাইনত থকা লোকসকলক চৰকাৰে সহায় কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও পৰ্যাপ্ত নহয় । আনহাতে বহু লোকে চৰকাৰৰ পৰা এতিয়াও সাহায্য লাভ কৰা নাই ।
![AATASU distributed food items in containment zone](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12001884_631_12001884_1622719265303.png)
সেয়ে, বৃহস্পতিবাৰে মৰাণ সমষ্টিৰ খোৱাঙৰ বিভিন্ন অঞ্চলত কোৱাৰেন্টাইনত থকা লোকসকললৈ সহায়ৰ হাত আগবঢ়ায় সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে । সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত খোৱাং আঞ্চলিক সমিতিৰ অধীনৰ শিলপুতা গাঁও, দীঘলীয়াহোলা গাঁও আৰু চেতিয়া গাঁৱত কৰ'ণা মহামাৰীত আক্রান্ত হৈ গৃহবন্দী হৈ থকা প্ৰায় ৫০টাৰো অধিক পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে সংগঠনটোৱে ।
![AATASU distributed food items in containment zone](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12001884_318_12001884_1622719338030.png)
আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দেৱজিত গগৈ, ডিব্ৰুগড় জিলা সমিতিৰ তপন গগৈ, মৰাণ মহকুমা সমিতিৰ সভাপতি নিউতম ফুকনৰ লগতে মৰাণ আৰু খোৱাং আঞ্চলিক সমিতিৰ বহু কেইজন বিষয়ববীয়াই খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে । ক'ভিডৰ ভয়াৱহতাৰ মাজতে সংগঠনটোৰ গ্ৰহণ কৰা এই পদক্ষেপৰ সকলোৱে শলাগ লয় ।
লগতে পঢ়ক:প্ৰাণৰ মমতাত শংকিত এতিয়া চিকিৎসাকৰ্মী