ETV Bharat / state

AASU felicitation Programme: মৰাণত আছুৰ উদ্যোগত প্ৰেৰণা প্ৰদান অনুষ্ঠান - সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা

ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে (AASU special felicitation Programme in Moran)। ইয়াৰে অংশৰূপে মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহত্তৰ মৰাণ অঞ্চলৰ বিদ্যালয়সমূহৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক জীৱনত প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে প্ৰেৰণা প্ৰদান অনুষ্ঠান শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰে ।

k
Felicitation of students by AASU in Moran: মৰাণত আছুৰ প্ৰেৰণা প্ৰদান অনুষ্ঠান
author img

By

Published : Jul 25, 2022, 11:35 AM IST

মৰাণ, ২৫ জুলাই: ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে (AASU special felicitation Programme in Moran)। ইয়াৰে অংশৰূপে দেওবাৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াত অৱস্থিত ঐতিহাসিক শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বৃহত্তৰ মৰাণ অঞ্চলৰ বিদ্যালয়সমূহৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আগন্তুক শৈক্ষিক জীৱনৰ বাবে অধিক প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে "প্ৰেৰণা প্ৰদান অনুষ্ঠান" শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰে ।

Felicitation of students by AASU in Moran: মৰাণত আছুৰ প্ৰেৰণা প্ৰদান অনুষ্ঠান

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰায় তিনিহেজাৰ ছাত্ৰ- ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় । তদুপৰি যিখন শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰীসকল সুখ্যাতিৰে উত্তীৰ্ণ হৈছে সেই শিক্ষানুষ্ঠানসমূহৰ মূৰব্বীসকলকো সম্বৰ্ধনা জ্ঞাপন কৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ।

এই প্ৰেৰণা প্ৰদান অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক বিনোদ বৰা, অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আব্দুল জেলিল, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰু, প্ৰধান শিক্ষক আৰু স্থানীয় বিভিন্ন সংগঠনৰ সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Pork controversy at Sahitya Sabha: সাহিত্য সভাৰ বাকৰিত গাহৰি মাংসৰ ভাজি; লাগিল হুৱা-দুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.