মৰাণ, 25 ছেপ্টেম্বৰ: ব্যক্তিগত খণ্ডৰ হাতলৈ যাব উত্তৰ-পূৱৰ অন্যতম ৰাজহুৱা খণ্ডৰ সাৰ উদ্যোগ প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড চমুকৈ বি ভি এফ চি এল (Brahmaputra Valley Fertilizer Corporation Limited)। সাৰ কাৰাখানাটোক উজ্জীৱিতকৰণৰ বাবে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi) নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে চলাই থকা প্ৰস্তুতিৰ মাজতে আজি সন্ধিয়া আছুৰ প্ৰতিবাদত উত্তাল হৈ পৰে নামৰূপ সাৰ কাৰখানা (AASU protest against privatization of BVFCL Namrup) ।
আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনিৰ বেহু ফালি হাজাৰ হাজাৰ আছু কৰ্মীয়ে হাতে হাতে জোঁৰ লৈ নামৰূপ সাৰ কাৰখানাৰ চৌহদৰ পৰিৱেশ উত্তপ্ত কৰি তোলে । আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয় প্ৰতিবাদকাৰীৰ ।
আছুৰ কেন্দ্ৰীয় নেতা অনিল গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ, সহকাৰী সম্পাদক খগেন গগৈৰ নেতৃত্বত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয় ।
লগতে পঢ়ক: NHPC প্ৰকল্পৰ ২ নং টানেলৰ ওপৰেৰে হুৰহুৰাই বাগৰিছে পানী