ETV Bharat / state

Gomocha controversy:অসমীয়াৰ স্বাভিমানৰ গামোচাখনক বিকৃতকৰণক লৈ উত্তাল ডিব্ৰুগড়

author img

By

Published : Mar 27, 2023, 10:09 PM IST

থাপনাৰ শৰাইখনৰ পৰা বিহুৱান, সন্মান-সেৱা জনাবলৈকে উপৰিহাৰ্য অসমীয়াৰ স্বাভিমান গামোচাখন ৷ অসমৰ স্বাভিমান গামোচাখনে বিশেষ স্বীকৃতি লাভ কৰাৰ পিছতো বিতৰ্কই লগ এৰা দিয়া নাই । এইবাৰ গামোচাক বিকৃতকৰণ কৰিলে এটা বিশেষ সংগঠনে (Gomocha controversy in Maligaon)।

AASU protest in Dibrugarh over Gamosa controversy
ডিব্ৰুগড়ত আছুৰ তীব্ৰ প্ৰতিবাদ
ডিব্ৰুগড়ত আছুৰ তীব্ৰ প্ৰতিবাদ

মৰাণ, ২৭ মাৰ্চ: অসমীয়াৰ স্বাভিমান গামোচাক বিকৃতকৰণ কৰাক লৈ ডিব্ৰুগড়ত আছুৰ তীব্ৰ প্ৰতিবাদ । সাংস্কৃতিক মন্ত্ৰী বিমল বড়া আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে GI tag স্বীকৃতিপ্ৰাপ্ত গামোচাখনক সমন্বয়ৰ নামত দুভাগ কৰি চৰম অপমান কৰাৰ বিৰুদ্ধে জ্বলিছে ৰাজ্য (AASU protest in Dibrugarh over Gamosa controversy)। ৰাজ্য়ৰ আন ঠাইৰ লগতে সোমবাৰে ডিব্ৰুগড়ত সদৌ ডিব্ৰুগড় ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest against Gamocha controversy)। প্ৰতিবাদকাৰীসকলে মন্ত্ৰী বিমল বড়া আৰু ডাঃ ৰণোজ পেগুক কঠোৰ ভাষাৰে সমালোচনা কৰে । অসমীয়াৰ স্বাভিমানক আঘাত হনা চৰকাৰৰ দুগৰাকীকৈ মন্ত্ৰীৰ এই কাৰ্যক কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আছু নেতৃত্বই (AASU protest in Dibrugarh)।

উল্লেখযোগ্য যে,মালিগাওঁ বাংলা সাহিত্য সভাই অনুষ্ঠিত কৰা সভাত অসমীয়াৰ স্বাভিমানৰ গামোচাক বঙালী গামোচাৰ সৈতে একলগ কৰি উক্ত অনুষ্ঠানটোৱে সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰি উপস্থিত থকা অতিথিক পৰিধান কৰালে এই গামোচা (Maligaon Bangla Sahitya Sabha) । অসমীয়াৰ আৱেগৰ গামোচাখনিক অপমান কৰি অসমীয়াৰ মান-মৰ্যদা তথা জাতিটোৰ স্বাভিমান আৰু সংস্কৃতিক আঘাত হানিছে বুলি এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ভ্ৰাতৃত্ববোধৰ নামত গামোচাখন দুটুকুৰা কৰিবলৈ দিয়া নহ'ব বুলি প্ৰতিবাদকাৰীসকলে সঁকীয়াই দিয়ে । গামোচাখন দুটুকুৰা কিয় কৰিলে বুলি তেওঁলোকে প্ৰশ্ন কৰে ।

উল্লেখ্য় যে ২০১৭ চনতে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ গামোচাৰ ভৌগোলিক মান্যতা প্ৰদানৰ বাবে আবেদন কৰিছিল ৷ অৱশেষত উক্ত আবেদনৰ ভিত্তিত গামোচাখনে Geographical Indication of Goods (Registration and Protection) Act , 1999ৰ অধীনত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷ অসমীয়াৰ স্বাভিমান গামোচাই GI Tag লাভ কৰাৰ পিছত অসমবাসীৰ মাজত আনন্দৰ জোৱাৰ উঠিছিল । কিন্তু ইয়াৰ পিছতো একাংশই অসমীয়াৰ স্বাভিমানত আঘাত হানিবলৈ লৈছে বুলি বিভিন্ন দল-সংগঠনে মন্তব্য় কৰিছে ।

গতে পঢ়ক:Playground turn into pasture: শিৱসাগৰত নাই খেলপথাৰ, থিয়েটাৰে চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিলে খেলপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.