মৰাণ,19 নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ আছু কৰ্মীৰে ভৰি পৰিছে দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰ । সাহস আৰু নতুন উদ্যমেৰে জাতিটোৰ বাবে কাম কৰিবলৈ ওলাই অহা এদল ছাত্ৰৰ সমাহাৰ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত । আছু কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উছাহ ৷
বুধবাৰৰ পৰা চাৰিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন । বুধবাৰে অধিৱেশনৰ বাকৰিত আছুৰ সভাপতি দীপাংক নাথে উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাই সদায় বলিষ্ঠভাৱে অসমৰ জাতীয় সত্বাক নেতৃত্ব দি যাব বুলি মন্তব্য কৰে ৷
লগতে তেওঁ কয় যে, আছুৱে সদায় অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে থাকি জাতিটোৰ বাবে কাম কৰি যাব । এই অধিৱেশনতে তেওঁ পৰৱৰ্তী সময়ত আছুত থাকিব নে অসম জাতীয় পৰিষদত যোগদান কৰিব সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য় কৰে ৷
লগতে পঢ়ক : দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকৰ গৃহত মুখ্যমন্ত্ৰী