ETV Bharat / state

লুৰিণজ্যোতিৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে আছুৰ উপদেষ্টাই - আছুৰ উপদেষ্টা

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে আছুৰ নৱনিযুক্ত উপদেষ্টা উদ্দীপজ্যোতি গগৈয়ে । লুৰিণৰ মাতৃ ডুলু গগৈক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ পৰা আন ঠাইলৈ নিবলৈ সাজু সদৌ অসম ছাত্ৰ সন্থা । চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিলে ছাত্ৰ সংগঠনটোৰ উপদেষ্টাগৰাকীয়ে ।

লুৰীণজ্যোতিৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে আছুৰ উপদেষ্টাই

author img

By

Published : Mar 29, 2021, 5:26 PM IST

ডিব্ৰুগড়, ২৯ মাৰ্চ: লুৰীণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈৰ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ পৰা আন ঠাইলৈ নিয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু সদৌ অসম ছাত্ৰ সন্থা । সোমবাৰে ডিব্ৰুগড়ৰ সঞ্জীৱনি নাৰ্চিংহোমত উপস্থিত হৈ এই মন্তব্য কৰে আছুৰ নৱ নিযুক্ত উপদেষ্টা উদ্দীপ জ্যোতি গগৈয়ে ।

সোমবাৰে পুৱা প্ৰেছাৰ ষ্ট্ৰ'ক হোৱাৰ পিছতে নাৰ্চিংহোমখনত ভৰ্তি কৰোৱা হৈছিল লুৰিণজ্যোতিৰ মাতৃ ডুলু গগৈক । বৰ্তমানেও ডুলু গগৈৰ অৱস্থা সংকটজনক আৰু তেওঁক আই চি ইউতে ৰখা হৈছে । লুৰীণজ্যোতিৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'বলৈ কেইবাগৰাকীও আছু কৰ্মীসহ নাৰ্চিংহোমত উপস্থিত হয় উপদেষ্টা উদ্দীপ জ্যোতি গগৈ ।

লুৰীণজ্যোতিৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে আছুৰ উপদেষ্টাই

তেওঁ কয় যে, ডুলু গগৈৰ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ পৰা আন ঠাইলৈ নিবলৈ সাজু সদৌ অসম ছাত্ৰ সন্থা । চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰাক্তন সতীৰ্থগৰাকীৰ মাতৃক ডিব্ৰুগড়ৰ বহিঃৰাজ্য অথবা গুৱাহাটীলৈ লৈ যোৱাৰ হ'ব বুলি তেওঁ মন্তব্য কৰে ।

এই সন্দৰ্ভত আলোচনা অব্যাহত আছে বুলিও তেওঁ জানিবলৈ দিয়ে । উদ্দীপ জ্যোতি গগৈয়ে জনোৱা মতে, ডুলু গগৈৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে বৰ্তমানলৈকে তেওঁক আন ঠাইলৈ নিবলৈ পৰামৰ্শ দিয়া নাই ।

উল্লেখ্য যে, সোমবাৰে পুৱা লাইপুলিস্থিত নিজ বাসগৃহতে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল ডুলু গগৈ ৷ ইয়াৰ পিছতে তেওঁক ডিব্ৰুগড়ৰ সঞ্জীৱনি নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয় । আনহাতে, মাতৃৰ অসুখৰ বিষয়ে অৱগত হোৱাৰ পিছতে নিৰ্ধাৰিত কাৰ্যসূচী আধাতে এৰি ডিব্ৰুগড়লৈ ৰাওনা হয় লুৰীণজ্যোতি গগৈ ।

লগতে পঢ়ক:আই চি ইউত ভৰ্তি লুৰিণ জ্যোতি গগৈৰ মাতৃ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.