ETV Bharat / state

মেট্ৰিকৰ ফলাফলৰ কেলেংকাৰীৰ বিৰুদ্ধে শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া - দলং উদ্বোধন কৰিলে শংকৰজ্যোতি বৰুৱাই

মেট্ৰিক পৰীক্ষাত ভাল ফলাফল প্ৰদান কৰিবৰ বাবে একাংশ শিক্ষক কৰ্মচাৰীয়ে ধনৰ লেনদেন কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

aasu-general-secretary-shankar-jyoti-baruahs-reaction-on-the-result-scam-of-hslc
মেট্ৰিক পৰীক্ষাৰ ফলাফল কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ সদৌ অসম ছাত্ৰ সন্থা
author img

By

Published : Jul 18, 2021, 10:22 PM IST

টিংখাং,18 জুলাই : ক'ভিডৰ গ্ৰাসত পৰি ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ শৈক্ষিক জীৱন বিপদাপন্ন হোৱাৰ সময়তে শেহতীয়াকৈ পোহৰলৈ অহা মেট্ৰিকৰ ফলাফলৰ নামত ধনৰ লেনদেন সন্দৰ্ভত সৰৱ সদৌ অসম ছাত্ৰ সন্থা ৷ শিক্ষাখণ্ডক কলংকিত কৰা এনে নজিৰবিহীন কাণ্ডক তীব্ৰ সমালোচনা কৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী হোৱাৰ সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰিছে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা মূল্যাংকনৰ নামত যি ধৰণৰ ধনৰ লেনদেন তথা দুৰ্নীতিৰ কথা প্ৰকাশ পাইছে, সেয়া অসমৰ শিক্ষা জগতৰ বাবে অতি দুৰ্ভাগ্যজনক ৷ এই মন্তব্য কৰিছে শংকৰজ্যোতি বৰুৱাই ৷ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয় যে, "শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ যদি কোনোৱে বক্ৰপথৰে ছাত্ৰ-ছাত্ৰীসকলক যদি ডিষ্টিংচন, ষ্টাৰ, প্ৰথম বিভাগ দিয়াৰ ব্যৱস্থা কৰে, তেনেহ’লে শিক্ষিত সমাজ বা ছাত্ৰ-ছাত্ৰীৰ জীৱন কলুষিত হ'ব ৷

শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া

যিসকল শিক্ষক এনেধৰণৰ কাৰ্যত জড়িত হৈছে, তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে" ৷ আনহাতে এনেধৰণৰ কাৰ্য যাতে অসমত সংঘটিত হ'ব নোৱাৰে, তাৰ বাবে চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ সমগ্ৰ বিষয়টো সঠিক তদন্তৰ আওতালৈ আনি যি সকল শিক্ষক-কৰ্মচাৰী এনে দুস্কাৰ্যৰ সৈতে জড়িত হৈ আছে, তেওঁলোকক উচিত শান্তি দিবলৈ চৰকাৰক দাবী জনাইছে আছুৰ সম্পাদক গৰাকীয়ে ৷

উল্লেখ্য যে, দেওবাৰে টিংখাঙৰ সমীপৰ পানীবুৰা গাঁৱৰ এখন লোহাৰ দলং উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ তত্ত্বাৱধানত আৰু অইলৰ সহযোগত পানীবুৰা আৰু সাপমাৰি সংযোগী দিচাং নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই দলংখন ৷ অনুষ্ঠানটোত উপস্থিত থাকি পৰীক্ষা কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে শংকৰজ্যোতি বৰুৱা ৷

লগতে পঢ়কঃ মেট্ৰিকত ভাল ৰিজাল্টৰ নামত বৃহৎ ধনৰ লেনদেন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.