ETV Bharat / state

কেবক লৈ ললীপপৰ ৰাজনীতি কৰিছে চৰকাৰে: লুৰীণজ্যোতি গগৈ

author img

By

Published : Dec 1, 2019, 8:00 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পূবৰ্ৰ স্থিতিত অটল সদৌ অসম ছাত্ৰ সন্থা ৷ কেবৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলৰ সন্মিলিত প্ৰতিবাদক মষিমূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভাজনৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ ৷

AASU General Secretary Lurinjyoti Gogoi slams central government for involving in divide politics over CAB issue
কেবক লৈ টোপৰ ৰাজনীতি কৰিছে চৰকাৰে: লুৰীণজ্যোতি গগৈ

ডিব্ৰুগড়,1 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ সৈতে হোৱা এক চমু সাক্ষাৎকাৰত কেবৰ বিৰুদ্ধে আছুৰ পূৰ্বৰ বিৰোধিতাৰ স্থিতি বাহাল থকাৰ কথা ব্যক্ত কৰে ছাত্ৰ সংগঠনটোৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৷ ইফালে প্ৰত্যাশিত বিধেয়কখনৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰে অসমত বিভাজনৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ কেব বিৰোধী জনগণৰ ঐক্যক মষিমূৰ কৰাৰ ষডযন্ত্ৰৰে চৰকাৰে শেহতীয়াকৈ জনজাতীয় ষষ্ঠ অনুসূচীৰ এলেকা আৰু ইনাৰ লাইন পাৰ্মিত বলবৎ হৈ থকা ৰাজ্যত কেব প্ৰযোজ্য নহয় বুলি কোৱা কথাষাৰ লালী প'পৰ বাহিৰে আন একো নহয় বুলি কটাক্ষ কৰে ছাত্ৰ নেতাগৰাকীয়ে ৷ আনহাতে অসমৰ ছয় জনগোষ্ঠীক কেব বিৰোধী সংগ্ৰামৰ পৰা আঁতৰাই অনাৰ বাবেই জনজাতিকৰণৰ ঘোষণাও এক জাতি বিভাজনৰ ৰাজনীতি বুলি অভিহিত কৰে সম্পাদকগৰাকীয়ে ৷

কেব সন্দৰ্ভত কংগ্ৰেছ-অগপক সমালোচনা আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈৰ

ইফালে কেব সন্দৰ্ভত অগপৰ সুবিধাবাদী স্থিতিক তীব্ৰ সমালোচনা কৰে সম্পাদকগৰাকীয়ে ৷ তেওঁ অসম গণ পৰিষদে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰিলে কেবৰ পৰা শংকাৰ কোনো কাৰণ নাই বুলি কৰা মন্তব্যক ওভতি ধৰি কয় যে এই দফা অসমৰ নাৰ্য্য প্ৰাপ্তি আৰু চৰকাৰে ইয়াক ৰূপায়ণ কৰিবলৈ বাধ্য ৷ ছাত্ৰনেতাগৰাকীয়ে লগতে বিধেয়কখন সন্দৰ্ভত কংগ্ৰেছে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভিন্ন স্থিতি গ্ৰহণ কৰাৰ বাবে কটু সমালোচনা কৰে ৷

কেবক লৈ চৰকাৰৰ বিৰুদ্ধে বিভাজনৰ ৰাজনীতিৰ অভিযোগ আছুৰ

ইতিমধ্যে নতুন দিল্লীত আছাম হাউছত মিজোৰাম আৰু ত্ৰিপুৰাৰ দল সংগঠন আৰু চৰকাৰৰ সৈতে আনুষ্ঠানিক আলোচনা হোৱা লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰাক্তন তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীসকল, নেছ, অসম সাহিত্য সভা, অসম গণ পৰিষদ,এ আই ইউ ডি এফ, ৰাভা-তিৱা-ঠেংগাল-ডিমাছা, কাৰ্বি-মিচিং আদি জনগোষ্ঠীৰ প্ৰতিনিধি সৈতে মিলিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । সদৌ অসম ছাত্ৰ সন্থাই এই আমন্ত্ৰণ পৃথকে 3 ডিচেম্বৰত লাভ কৰিছে বুলি সংবাদ মাধ্যমক অৱগত কৰে সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ কেবৰ জৰিয়তে অসমৰ ভাষা,সংস্কৃতি আৰু পৰিচয়ৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পৰা পৰিৱেশ কেতিয়াও আছুৱে মানি নলয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে হ'বলগীয়া বৈঠকত সজোৰে নিজৰ স্থিতি স্পষ্ট কৰিব বুলি উল্লেখ কৰে লুৰীণজ্যোতি গগৈয়ে ৷ তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি তেওঁ কয় যে, চৰকাৰে অসম চুক্তিৰ 6 নং দফাৰ ৰূপায়ণক কেবৰ সৈতে এক বাৰ্গেইনিং এজেণ্ডা কৰিবলৈ বিচাৰিলে তাক কোনো কাৰণতে মানি লোৱা নহ'ব ৷

3 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনাত বহিব আছু

আৰু পঢ়ক লণ্ডন বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আইছিছৰ

Intro:
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰথমটো কাৰ্যকালতে সংসদত বিধেয়ক খন উৎথাপন কৰিও ব্যৰ্থ হোৱাৰ পাছত এইবাৰ সম্পূৰ্ণ পূৰ্বপৰিকল্পনাৰে সংসদৰ মজিয়াত পুনৰ উৎথাপন কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ ভিন্ন দল-সংগঠন আৰু চৰকাৰৰ সৈতে CAB সন্দৰ্ভত আৰম্ভ কৰিছে বৈঠক।ইতিমধ্যে নতুন দিল্লীত আছাম হাউছত মিজোৰাম আৰু ত্ৰিপুৰাৰ দল সংগঠন আৰু চৰকাৰৰ সৈতে আনুষ্ঠানিক আলোচনা হোৱা লগতে উত্তৰ পূৰ্বাঞ্চল ছাত্র সন্হা নেছ'ৰ,অসম সাহিত্য সভা, অসম গণ পৰিষদ,এ আই ইউ ডি এফ,ৰাভা-তিৱা-ঠেংগাল-ডিমাছা, কাৰ্বি-মিচিং আদি জনগোষ্ঠীৰ প্ৰতিনিধি সৈতে মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।আনহাতে সদৌ অসম ছাত্ৰ সন্হাৰ সতে পৃথকে অহা ৩ ডিচেম্বৰত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।অমিত শ্বাহৰ সতে আলোচনালৈ যোৱাৰ পূৰ্বে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে পুনৰ বাৰ সজোৰে জাতিধ্বংসী CAB গৃহীত হ'বলৈ দিয়া নহ'ব বুলি তীব্ৰ শুংকাৰ প্ৰকাশ কৰে।ইতিমধ্যে আছুয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে বুলি কৈ
অসমৰ ভাষা,সংস্কৃতি আৰু পৰিচয়ৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পৰা পৰিবেশ কেতিয়াও আছুৱে মানি নলয় বুলি সকীয়নি প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক স্পষ্ট কৰি দিব আছুৱে।১৯৭১ৰ ২৫মাৰ্চৰ পাছৰ বিদেশী কেতিয়াও গ্ৰহণ কৰা নহ'ব বুলি ক্ষমতাৰ জৰিয়তে যদি জাপি দিয়াৰ বিষয়ে চিন্তা কৰিছে সেইয়া ভুল ভিবিছে বুলি কৈ ইয়াৰ বাবে সাজু থাকিবলৈ সকীয়নি প্ৰদান কৰে।

Byte:-লুৰিণজ্যোতি

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা ষষ্ঠ অনুসূচী ভুক্ত এলেকা সমুহৰ লগতে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহক CABৰ আওতাৰ পৰা বাহিৰত ৰখাৰ কথা ঘোষণা কৰি এইয়া বিভাজনৰ ৰাজনীতি কৰা বুলি গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি কয়।কিন্তু উত্তৰ পূৰ্বাঞ্চলে বিদেশী বোজা গ্ৰহণ নকৰা বুলি ঐক্যবদ্ধ ভাবে সদৰী কৰা বুলি আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে এই ষড়যন্ত্ৰ সফল নহ'ব বুলি কয়।

Byte:-লুৰিণজ্যোতি।

6নং দফা আমাৰ নাৰ্য্য প্ৰাপ্তি।6নং দফা পাবই লাগিব।এই ছয় নং দফাক লৈ ব্লেকমেইলিং আৰম্ভ কৰিছে।আনহাতে শ্বহীদৰ ত্যাগক উপলুঙা কৰিছে অগপই।ক্ষমতাৰ ৰাগীত অসম চুক্তি পাহৰাৰ লগতে শ্বহীদৰ ত্যাগক ভৰীৰে গচকিছে অগপই। অগপক পুণৰ অসম চুক্তিৰ দফা সমুহ পঢ়ি ল'বলৈ আহ্বান লুৰিণজ্যোতিৰ।

Byte:- লুৰিণজ্যোতি।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ Etv Bharat Assam Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.