ডিব্ৰুগড়,13 জুলাইঃ ২০২১ৰ কুচকাৱাচ আৰম্ভ হোৱাৰ লগে লগেই সঘনাই বৈঠক চলিছে নতুন আঞ্চলিক ৰাজনৈতিক শক্তি গঠন প্ৰক্ৰিয়াৰ বাবে। এক সূত্ৰমতে নতুন আঞ্চলিক শক্তিক জীৱন্ত কৰাৰ আঁৰত আছে ৰাজ্যৰ বৰেণ্য সাহিত্যিক,ছবি পৰিচালক ইত্যাদিও। পিছে কিদৰে আগবাঢ়িব এই শক্তি, কি হ'ব ভোটৰ অংক ? 'কা' আন্দোলনত বেয়াকৈ বিপদত পৰিব ধৰা বিজেপিৰ প্ৰতি কৰ'ণাৰ পাছত বৰ্তমান একাংশ ৰাইজৰ মন পুনৰ নৰম হৈছে নেকি ? এনেবোৰ প্ৰসংগও লক্ষ্যণীয়।
ইফালে কংগ্ৰেছ- এ আই ইউ ডি এফৰ মিত্ৰতাই উজনিত কংগ্ৰেছৰ স্থিতি আৰু অধিক শোচনীয় কৰাৰ প্ৰৱল সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰিলে নতুন আঞ্চলিক দলটোৱে উজনিৰ কংগ্ৰেছী বহু ভোটাৰৰ সমৰ্থন লাভ কৰাৰ বাট প্ৰশস্ত হোৱাৰো সম্ভাৱনা আছে। ইফালে ইতিমধ্যে চৰ্চা আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ প্ৰাৰ্থীত্বক লৈ। উজনিৰ কোনটো সমষ্টিৰ পৰা লুৰীণজ্যোতি নামিব প্রতিদ্বন্দিতাত? এই ক্ষেত্ৰত আহিব জনগোষ্ঠীয় ভোটাৰৰ প্ৰসংগ। য'ত মুখ্য ভোটাৰ হ'ব আহোম জনগোষ্ঠী লোক। ইয়াৰ লগতে চাহ জনগোষ্ঠী,কছাৰী মৰাণ-মটক,চুতীয়া সকলো থাকিব।
লুৰীণৰ দখল থকা কোনটো সমষ্টিত আছে সৰ্বাধিক আহোম ভোট ? সূত্ৰ মতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপৰ ওপৰত নিৰ্ভৰ কৰি লুৰীণজ্যোতিয়ে নাহৰকটীয়া আৰু দুলীয়াজান দুটা সমষ্টিৰ হৈ প্ৰতিদ্বন্দীতা আগবঢ়াব নহ'লে দুলীয়াজানৰ পৰা এই আঞ্চলিক শক্তিৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে।
কিন্তু এটা কথা স্পষ্ট যে,বিজেপি প্ৰচাৰ,ধনবল ইত্যাদিত বহু গুণেই শক্তিশালী । তাৰ তুলনাত জাতীয়তাবাদ,জাতীয় সত্তাৰ সমৰ্থন 'কা' আন্দোলনৰ দৰেই এই নতুন আঞ্চলিক শক্তিয়ে লাভ কৰিব পাৰিবনে? নতুন মুখ,যুৱ শক্তিৰ হাতত অসমীয়া ৰাইজে নিজৰ ৰাজনৈতিক ভৱিষ্যত কিমান সুৰক্ষিত অনুভৱ কৰিব সেয়া এইসময়ৰ ডাঙৰ প্ৰশ্ন ৷
লগতে পঢ়কঃগুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বৈদ্যুতিক শ্মশান