মৰাণ, 16 জুন : কৰ‘ণা মহামাৰীৰ সময়ছোৱাত ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগে কৰ’ণা ৰোগীৰ সমান্তৰালকৈ অন্য ৰোগীয়েও যাতে সময় মতে উপযুক্ত চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ বাবে আপ্ৰাণ চেষ্টা অব্য়াহত ৰাখিছে ৷ ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসালয়সমূহত উপস্থিত হৈ পৰিস্থিতিৰ লগতে যাৱতীয় ব্যৱস্থাসমূহৰ বুজ লৈ থকা পৰিলক্ষিত হৈছে ৷ কিন্তু তাৰ মাজতে ৰাজ্যৰ একাংশ স্থানত চিকিৎসালয়সমূহত এতিয়াও ৰোগীয়ে চিকিৎসা লাভৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷
বৃহত্তৰ টিংখাং অঞ্চলৰ ৰাইজে বৰ্তমান সময়ত সময়মতে উপযুক্ত চিকিৎসা লাভৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈ আহিছে । এনে পৰিপ্ৰেক্ষিতত বৃহত্তৰ টিংখাং অঞ্চলৰ ৰাইজৰ চিকিৎসাৰ সুবিধাৰ্থে টিংখাং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২৪ ঘণ্টাই চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই ৷ মঙলবাৰে টিংখাং ৰাজহ চক্ৰ চক্ৰ বিষয়াক সাক্ষাৎ কৰি টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰদান কৰি চিকিৎসাকেন্দ্ৰটোত পৰ্যাপ্ত চিকিৎসক-নাৰ্চ নিয়োগ কৰিবলৈ দাবী জনায় ।
লগতে পঢ়ক: চোৰাং সোণ বিচাৰি আৰক্ষীৰ ঘৰত আৰক্ষীৰ অভিযান