ডিব্ৰুগড়,1 ফেব্ৰুৱাৰী : তেজপুৰ আৰু শুৱালকুছিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰা আছু কৰ্মীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ ৰাজ্যৰ গৃহ বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্ৱানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি সোমবাৰে জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ ৰাজ্যৰ আন সমুহ জিলাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়তো আছুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই শ্বহীদ ভৱনৰ সন্মুখত বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল গ' বেক, গণতান্ত্ৰিক আন্দোলন সহ্য কৰিব নোৱাৰা চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে,আনাগত দিনত আছুৰ গণতান্ত্ৰিক কাৰ্যসূচীত ব্যাঘাত জন্মালে পৰিস্থিতি বিষম হোৱাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী সকলে ৷ গণতান্ত্ৰিক আন্দোলনত চৰকাৰে অত্যাচাৰ কৰাটো কোনো কাৰণতে সদৌ অসম ছাত্ৰ সন্থাই মানি নলয় বুলি মন্তব্য কৰি ইয়াৰ ফল চৰকাৰে ভালকৈ পাব বুলি প্ৰতিবাদ স্থলীৰ পৰা সকীয়াই দিয়ে আছুৰ কৰ্মী সকলে ৷
লগতে পঢ়কঃ টীয়কত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ