ETV Bharat / state

ফাঁচী কাঠত ওলমিল সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু অগপ নেতৃত্ব

ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ মাজতো কেন্দ্ৰীয় কেবিনেটত কেব অনুমোদন জনোৱাৰ পাচত অধিক উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ।

Dibrugarh
ডিব্ৰুগড়
author img

By

Published : Dec 5, 2019, 12:35 PM IST

ডিব্ৰুগড়, 5 ডিচেম্বৰঃ বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক কেন্দ্ৰীয় কেবিনেটত অনুমোদন হোৱাৰ পাচতে কেব বিৰোধী প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য ৷ ডিব্ৰুগড়তো বুধবাৰে মাজনিশা প্ৰতিবাদকাৰীয়ে বিভিন্ন কেব বিৰোধী শ্ল'গান দি বিজেপিৰ কাৰ্যালয়,আৰ এছ এছৰ কাৰ্যালয় আৰু অসম গণ পৰিষদৰ কাৰ্যালয়ৰ লগতে বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহৰ সমীপৰ পকীবেৰত ক'লা ৰং লগাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ফাচি কাঠত উলমিল সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ নেতৃত্ব

ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ মাজতো কেন্দ্ৰীয় কেবিনেটত কেব অনুমোদন জনোৱাৰ পাচত অধিক উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। বুধবাৰে উৰে নিশা ডিব্ৰুগড়ৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱাল,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি অগপৰ নেতৃত্বক ফাঁচীকাঠত ওলমাই প্ৰতিবাদ কৰে ৷ ইপিনে বৃহস্পতিবাৰেও ডিব্ৰুগড়ৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ,নগৰৰ চৌকিডিঙি চাৰিআলি আৰু থানা চাৰিআলিৰ সমীপত টায়াৰ জ্বলোৱাৰ লগতে বিভিন্ন প্ৰতিবাদী শ্ল'গান দি প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক - কেবিনেটত গৃহীত কেব: সমগ্ৰ ৰাজ্যত জ্বলিছে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি

Intro:Slug:-Dib AASU& University student midnight protest, Black Paint. (Exclusive)

এইবাৰ মাজনিশা বিজেপিৰ কাৰ্যলয়,RSSৰ কাৰ্যলয়, অসম গণ পৰিষদৰ কাৰ্যলয় লগতে বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহৰ সমিপত ক'লা ৰং।বিভিন্নCAB বিৰোধী শ্লগান।জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মাজতে কেন্দ্ৰত কেবিনেটত CAB অনুমোদন জনোৱাৰ পাছতে অধিক উত্তাল হৈ পৰিছে ৰাজ্য।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্র সমাজেও অব্যাহত ৰাখিছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী।বুধবাৰে উৰেনিশা ডিব্ৰুগড়ত বিভিন্ন স্থানত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ, হিমন্ত কে ধৰি অগপৰ নেতৃত্বক ফাচিকাঠত উলমাই প্ৰতিবাদ কৰাৰ পাছত আজিও বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ,নগৰৰ চৌকিডিঙি চাৰিআলি, থানা চাৰিআলি সমিপত টায়াৰ জ্বলাই,শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।আনহাতে মাজনিশা ডিব্ৰুগড় নগৰৰ বিজেপিৰ কাৰ্যলয়, RSSৰ কাৰ্যলয়, অসম গণ পৰিষদৰ কাৰ্যলয় আদিত কলা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে CAB বিৰোধী শ্লোগান দিয়ে।আনকি বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহৰ সমিপৰ পকীবেৰত বিভিন্ন CAB বিৰোধী শ্লোগান লিখি প্ৰতিবাদ সাব্যস্ত কৰে ।
Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.