ETV Bharat / state

চাহ জনগোষ্ঠীৰ বহুকেইটা দাবীৰে মৰাণত ৫০ ঘন্টীয়া অনশন - চাহ জনগোষ্ঠীক জনজাতিকৰণ

মৰাণত ৫০ ঘন্টীয়া অনশনত বহিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷ চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকক ভূমিৰ ম্যাদি পট্টা প্ৰদান কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰী 350 টকালৈ বৃদ্ধি কৰাৰ দাবীত অনশনত বহিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷

A_Moran_804-806_Protest_by_AASAA_vis_As10031
চাহ জনগোষ্ঠীৰ বহুকেইটা দাবীৰে মৰাণত ৫০ ঘন্টীয়া অনশন
author img

By

Published : Feb 20, 2021, 10:59 PM IST

মৰাণ, 20 ফেব্ৰুৱাৰী: চাহ জনগোষ্ঠীক জনজাতিকৰণৰ লগতে , চাহ শ্ৰমিকক ভূমিৰ ম্যাদি পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰী 350 টকালৈ বৃদ্ধি কৰাৰ দাবীৰে শনিবাৰে মৰাণত সদৌ অসম ছাত্ৰ সন্থাই 50 ঘন্টীয়া এক অনশন কাৰ্যসূচী হাতত লৈছে ৷ শনিবাৰে 12 বজাৰ পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই এই অনশন কাৰ্যসূচী হাতত লয় ৷

আছাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি মদন বাঘোৱাৰ , উপ-সভাপতি শিৱ কুৰ্মী আৰু সম্পাদক মনোজ উৰাঙৰ উদ্যোগত মৰাণত আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী অনশন কাৰ্যসূচীত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ষ্টিফেন লাক্ৰাৰ নেতৃত্বত শতাধিক আছাৰ সদস্যই অংশগ্ৰহণ কৰে ৷

মৰাণত ৫০ ঘন্টীয়া অনশনত বহিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা

উল্লেখ্য যে, অনশনত বহাৰ পূৰ্বে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল'গান দি এক সমদল যাত্ৰা কৰি প্ৰতিবাদকাৰী সকল অনশন স্থলীলৈ আহে ৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনে মিথ্যাচাৰৰ সহায় লৈ শাসনৰ গাদীত বহা বুলি অভিযোগ কৰি প্ৰতিবাদকাৰী আছু নেতৃত্বই শীঘ্ৰে তেওঁলোকৰ সমস্য সমাধানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকে জাতীয়তাবাদী শক্তিক সমৰ্থন জনাব বুলিও হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ মন জয় কৰাৰ প্ৰচেষ্টা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.