ETV Bharat / state

AAP Joining programme: টিংখাঙত আম আদমী পাৰ্টীত শতাধিকৰ যোগদান

টিংখাঙৰ পিঠাগুটি চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আপৰ যোগদান সভা (AAP Joining programme at Pithaguti Tea Estate) । বিজেপি, কংগ্ৰেছৰ লগতে অন্যান্য দল-সংগঠনৰ শতাধিকৰ আপত যোগদান ।

AAP Joining programme at Pithaguti Tea Estate
টিংখাঙৰ পিঠাগুটি চাহ বাগিচা ত আপৰ যোগদান সভা
author img

By

Published : Jan 12, 2023, 1:40 PM IST

টিংখাঙৰ পিঠাগুটি চাহ বাগিচা ত আপৰ যোগদান সভা

ডিব্ৰুগড়, ১২ জানুৱাৰী: লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফলৰ লক্ষ্য়ৰে অসমত প্ৰতিটো দলেই পৰোক্ষ ভাৱে প্ৰচাৰৰ লগতে সদস্য় ভৰ্তি অভিযান আৰম্ভ কৰিছে । এই ক্ষেত্ৰত পিছ পৰি থকা নাই আম আদমী পাৰ্টী (Aam Aadmi Party)। ইতিমধ্য়েই দলটোৱে ৰাজ্য়খনৰ বিভিন্ন ঠাইত সদস্য় ভৰ্তি অভিযান চলাইছে । দলীয় সাংগঠিনক ভেঁটি শক্তিশালী কৰাৰ লগতে অৰবিন্দ কেজৰিয়াল চৰকাৰৰ কাম-কাজৰ সাফল্য়ৰ বিষয়ে ৰাইজক অৱগত কৰি দলটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ উজনি অসমত আপৰ ৰাজ্যিক শীৰ্ষ নেতৃত্বত চলিছে যোগদান কাৰ্যসূচী । ইয়াৰে অংশৰূপে বুধবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুষ্ঠিত হয় এক যোগদান সভা (AAP Joining programme in Tingkhang)৷

এই উপলক্ষে টিংখাঙৰ পিঠাগুটি চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয় (Pithaguti Tea Estate in Tingkhang)। এই যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টী , কংগ্ৰেছ দলৰ লগতে অন্যান্য দল-সংগঠনৰ শতাধিক লোকে আম আদমী পাৰ্টীত যোগদান কৰে । বিশেষভাৱে এই যোগদান কাৰ্যসূচীত নতুন প্ৰজন্মৰ বহু সংখ্যকে যোগদান কৰা দেখিবলৈ পোৱা যায় । বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত আম আদমী পাৰ্টীৰ আদৰ্শ আৰু কাৰ্যাৱলীৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে দলটোত যোগদান কৰা বুলি কয় । তেওঁলোকে দলটোৰ সাংগঠিনক স্থিতি শক্তিশালী কৰিবলৈ এতিয়াৰে পৰাই কাম কৰি যাব বুলি কয় ।

উক্ত যোগদান কাৰ্যসূচীত আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰ, যুৱ শক্তিৰ যুটীয়া সমন্বয়ক বাবুল বিকাশ চেতিয়াৰ লগতে দলটোৰ কেইবাগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া আৰু কৰ্মকর্তা উপস্থিত থাকে । এই অনুষ্ঠানটোত উপস্থিত আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰে বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত বিজেপিৰ বিৰুদ্ধে আম আদমী পাৰ্টী এক শক্তিশালী বিৰোধী দল হিচাপে প্ৰতিষ্ঠিত হ'বলৈ ধৰিছে বুলি উল্লেখ কৰে । তেওঁ কয় যে এতিয়া বিজেপি মানে ভাৰতীয় জনতা পাৰ্টী নহয়, বুলড'জাৰ জনতা পাৰ্টীহে ।

আম আদমী পাৰ্টীৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে পুনৰ কয় যে বিজেপিৰ লগত সামান্য মতবিৰোধ হ'লেই উচ্ছেদৰ নামত যিকোনো বাসগৃহৰ উপৰত নিজ ইচ্ছাৰে বুলড'জাৰ চলায় । চৰকাৰে প্ৰথমে বাংলাদেশীক উচ্ছেদ কৰা নামত বুলড'জাৰ চলোৱা বুলি কৈছিল যদিও এতিয়া স্থানীয় লোকৰ ওপৰতো বুলড'জাৰ চলাই ৰাজ্যত গণতন্ত্ৰ নি:শেষ কৰিব ওলাইছে । তেওঁ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আম আদমী পাৰ্টীয়ে অসমত এক ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:Meghalaya Assembly Election: বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি মেঘালয়ত আৰম্ভ নিৰ্বাচনকেন্দ্ৰীক প্ৰচাৰ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.