মৰাণ, 24 অক্টোবৰ: ৰাইজৰ দাবীৰ অন্তত শনিবাৰে খোৱাঙত স্থাপন কৰা হ'ল এটা আধাৰ কাৰ্ড কেন্দ্ৰ ৷ ডিব্ৰুগড় প্ৰশাসনে জিলাখনৰ প্ৰটিতো গাওঁ পঞ্চায়তত আধাৰ কেন্দ্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰাত মৰাণ সমষ্টিৰ বহুকেইটা পঞ্চায়তত আধাৰ কেন্দ্ৰ স্থাপন হৈছিল যদিও খোৱাং পঞ্চায়তত কোনো ধৰণৰ আধাৰ কাৰ্ড কেন্দ্ৰ স্থাপন হোৱা নাছিল ৷ অৱশেষত শনিবাৰে ৰাইজৰ দাবীত খোৱাং পঞ্চায়ততো আধাৰ কেন্দ্ৰৰ কাম আৰম্ভ হয় ৷ খোৱাং পঞ্চায়তৰ সভাপতি শিপ্ৰা ফুকনে আজি আনুষ্ঠানিক ভাৱে আধাৰ কেন্দ্ৰটোৰ শুভাৰম্ভ কৰে ৷
পঞ্চায়ত কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, এটা দিনত প্ৰতিটো ৱাৰ্ডৰ পৰা 2 জন লোকক আধাৰৰ বাবে ফৰ্ম দিয়া হব আৰু পুৱা 9 বজাৰ পৰা সন্ধিয়া 4.30 বজালৈকে ৰাইজে ফৰ্ম সংগ্ৰহ কৰিব পাৰিব ৷ প্ৰতিটো ৱাৰ্ডৰ পৰা ৱাৰ্ড মেম্বাৰে 2 জনকৈ হিতাধিকাৰী নিৰ্বাচন কৰি পথাব লাগিব । সকলো হিতাধিকাৰে ৱাৰ্ড সদস্য তথা সদস্যা সকলৰ ওচৰত আধাৰকাৰ্ড উলিয়াবলৈ নিজৰ নাম পঞ্জীয়ন কৰি ল'ব লাগিব। পঞ্চায়ত বিষয়া সকলে জানিবলৈ দিয়ে যে পঞ্চায়তত শৃংখলাবদ্ধ ভাৱে আধাৰৰ কাম হোৱাৰ স্বাৰ্থত এনে নীতি নিয়ম কৰা হৈছে ৷
উল্লেখ্য যে বেংকৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰ লাভ কৰা হিতাধিকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক হোৱাৰ পাছতে আধাৰ কাৰ্ড বনোৱাৰ বাবে ৰাইজৰ মাজত ব্যস্ততা আৰম্ভ হৈছিল । সেয়ে সীমিত কেন্দ্ৰ সমূহত ৰাইজৰ দীঘল শাৰী হোৱা বাবে বহুতৰ বাবে আধাৰ বনোৱাটো সহজ নাছিল । এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতেই ৰাইজে খোৱাং পঞ্চায়ততো এটা আধাৰ কাৰ্ড কেন্দ্ৰৰ বাবে দাবী উত্থাপন কৰাৰ পাছত আজি পঞ্চায়তটোত এই কেন্দ্ৰ মুকলি কৰা হয় ৷
লগতে পঢ়ক: এজাক বৰষুণতে মৰাণৰ ৩৭ নং ঘাইপথত একাঁঠু পানী