ETV Bharat / state

মুখা শিল্পৰ ১২ বছৰীয়া নিৰলস সাধনা এজন যুৱকৰ

author img

By

Published : Jul 16, 2020, 12:59 PM IST

উজনি অসমৰ যোৰহাট তথা মাজুলি জিলাত মুখা নিৰ্মাণ আৰু ব্যৱহাৰৰ নিদৰ্শন পোৱা যায়। শেহতীয়াকৈ অসমৰ আন-আন জিলা সমূহৰ লগতে ডিব্ৰুগড় জিলাৰ জয়পুৰৰ এজন আগ্ৰহী যুৱক জড়িত হৈ পৰিছে মুখা শিল্পৰ সৈতে । নিপু শইকীয়াই বিগত ১২ বছৰ ধৰি প্ৰয়াস কৰি আহিছে মুখা শিল্পৰ জৰিয়তে বিভিন্ন পৌৰাণিক চৰিত্ৰক জীৱন্ত ৰূপ দিবলৈ ।

mask culture of assam
mask culture of assam

নাহৰকটীয়া, 16 জুলাই : অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত শংকৰদেৱৰ সৃষ্টিসমূহে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। বিশ্ব স্তৰত অসমক প্ৰতিনিধিত্ব কৰা নাট-ভাওনা-সত্ৰীয়া নৃত্য আদিয়ে যি প্ৰেক্ষাপট সৃষ্টি কৰিছে তাৰ ভিতৰত মুখা শিল্পও অন্যতম । এই মুখা শিল্পই অসমৰ লোক সংস্কৃতিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে । বিশেষকৈ প্ৰাচীন চৰিত্ৰ সমূহক এই মুখা শিল্পৰ জৰিয়তে নৱ প্ৰজন্মৰ লগতে বিশ্ববাসীক পৰিচয় কৰোৱাতো সম্ভৱপৰ হৈ উঠিছে ।

উজনি অসমৰ যোৰহাট তথা মাজুলি জিলাত মুখা নিৰ্মাণ আৰু ব্যৱহাৰৰ নিদৰ্শন পোৱা যায়। শেহতীয়াকৈ অসমৰ আন আন জিলা সমূহৰ লগতে ডিব্ৰুগড় জিলাৰ জয়পুৰৰ এজন আগ্ৰহী যুৱক জড়িত হৈ পৰিছে মুখা শিল্পৰ সৈতে । জয়পুৰৰ দুৱৰা পথাৰৰ নিবাসী বেনু শইকীয়াৰ পুত্ৰ নিপু শইকীয়াই বিগত ১২ বছৰ ধৰি প্ৰয়াস কৰি আহিছে মুখা শিল্পৰ জৰিয়তে বিভিন্ন পৌৰাণিক চৰিত্ৰক জীৱন্ত ৰূপ দিবলৈ । তেখেতৰ শিল্পী সু-নিপুন হাতৰ পৰশত প্ৰাণ পাই উঠিছে নৰসিংহ,বৰাহ,ধেনুকাসুৰ,কলম্বাসুৰ,সিংহাসন আদিয়ে।

মুখা শিল্পৰ ১২ বছৰীয়া নিৰলস সাধনা

নৱ প্ৰজন্মৰ বাবে এক উদাহৰণ নিপু শইকীয়া। যিয়ে সোঁ‌তৰ বিপৰীতে গৈ আমাৰ বাৰেৰহণীয়া সংস্কৃতিক তুলি ধৰিছে এক অন্যন্য ৰূপত। তেওঁৰ এই গুণৰাজিয়ে আপ্লুত কৰিছে বহু সংস্কৃতি প্ৰেমী লোকক। অসমৰ বিভিন্ন জাতি-জনজাতিৰ লোককথা,পৌৰানিক আখ্যান আদিক ন ৰূপ দিয়াত এই মুখাশিল্পই নিজস্ব অৱদান আগবঢ়াই আহিছে,যাৰ ফলশ্ৰুতিত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনাই এক সুকীয়া স্থান দখল কৰিছে ।

২০০৮ চনতেই প্ৰথম নৃসিংহ মূৰাৰীৰ মুখা তৈয়াৰ কৰি এই শিল্প আৰম্ভ কৰা নিপু শইকীয়াৰ গুৰু নয়নমণি বৰুৱা। বৰ্তমান পৰ্যন্ত বিভিন্ন স্থানত মুখা শিল্প প্ৰদৰ্শনেৰে ৰাইজৰ আদৰ পাবলৈ সক্ষম হোৱা শিল্পী নিপু শইকীয়াই শেহতীয়াকৈ আৰম্ভ কৰিছে মৃৎশিল্পৰে পুতলা প্ৰস্তুত কাৰ্য ৷ যাতে আমাৰ সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম হোৱা পুতলা নাচেও পূৰ্বৰ আসন লাভ কৰে।

তেওঁৰ এই শিল্প কৰ্মৰ বাবে প্ৰয়োজনীয় নানান সঁজুলি তথা উপাদান নিজস্ব উপাৰ্জনেৰে আহৰণ কৰে । কিন্তু এই শিল্পক আৰু এখোজ আগবঢ়াই নিবলৈ হ'লে তেওঁক প্ৰয়োজন শকত পৰিমাণৰ অৰ্থ সাহাৰ্যৰ। যাৰবাবে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কাষ চাপিছিল যদিও বৰ্তমান পৰ্যন্ত সুদূত্তৰ পোৱা নাই। অসমৰ বিভিন্ন প্ৰান্তত এনে বিলাক কৰ্মৰ লগত জড়িত লোকসকলক যদি চৰকাৰে সাহাৰ্য প্ৰদান কৰে তেতিয়া নিশ্চয়কৈ এই শিল্পই অসমৰ লোক সংস্কৃতিক আগুৱাই নিয়াত এক জোৱাৰ সৃষ্টি কৰিব ।

লগতে পঢ়ক : চাইকেল চলাই গৈ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান ৰূপজ্যোতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.