ডিব্ৰুগড়, 5 চেপ্তেম্বৰ: শিক্ষকসকল এডাল মমবাতিৰ দৰে ৷ নিজে জ্বলি আনক পোঁহৰ বিলাই শিক্ষকসকলে ৷ কিন্তু সেইয়া সমাজৰ বাবে অতি দুখ আৰু লজ্জাৰ বিষয় হৈ পৰে যেতিয়া অৰ্থৰ অভাৱত এই শিক্ষকসকলেই দুৰ্বিসহ জীৱন অতিবাহিত কৰিবলৈ বাধ্য হয় ৷
টিংখাঙৰ ধমন পঞ্চায়তৰ কচলু গাঁৱৰ এজন অহাল দম্পত্তি ৷ ওৰেটো জীৱন শিক্ষকতা কৰিও এতিয়া সম্প্ৰতি এক সংগ্ৰামপূৰ্ণ জীৱন অতিবাহিত কৰিছে টিখাঙৰ ভুৱন চন্দ্ৰ সন্দিকৈ আৰু তেওঁৰ সহধৰ্মীনি জ্ঞানদা গোহাঁই সন্দিকৈয়ে ৷ টিংখাং মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভুৱন চন্দ্ৰ সন্দিকৈয়ে বিগত পোন্ধৰ বছৰেও লাভ নকৰিলে চৰকাৰী পেঞ্চন ৷ শিক্ষা বিভাগক বাৰম্বাৰ আবেদন কৰাৰ পাচতো আজিলৈকে পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ'ল শিক্ষকগৰাকীয়ে ৷
আনহাতে তেওঁৰ সহধৰ্মীনি জ্ঞানদা গোহাঁই সন্দিকৈয়ে স্থানীয় নাচনী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰতিষ্ঠা কালৰে পৰা শিক্ষকতা কৰি ২০০৯ চনত বিনা বেতনে অৱসৰ গ্ৰহণ কৰে ৷ ইফালে একমাত্ৰ পুত্ৰ সন্তানৰো কোনো কৰ্ম-সংস্থাপন নথকাত যথেষ্ট আৰ্থিক সংকটত ভুগিব লগীয়া হৈছে পৰিয়ালটো ৷ বিগত প্ৰায় আঠ বছৰ ধৰি স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ অহা ভুৱন চন্দ্ৰ সন্দিকৈয়ে অৰ্থৰ অভাৱত নিজৰ চিকিৎসাৰ খৰচকে বহন কৰিবলৈকে হাহাকাৰ কৰি ফুৰিব লগা হৈছে ৷ শিক্ষাগুৰু জনৰ চিকিৎসাক লৈ ইতিমধ্যে শংকিত হৈ পৰিছে পৰিয়ালবৰ্গ ৷ তেওঁৰ পত্নী জ্ঞানদা গোঁহাই সন্দিকৈয়ে অতি শীঘ্ৰে ভুৱন চন্দ্ৰ সন্দিকৈৰ পেঞ্চনটো মুকলাই দিয়াৰ লগতে তেখেতৰ উন্নত চিকিৎসাৰ বাবে সহায় কৰবলৈ চৰকাৰ তথা শিক্ষা বিভাগক আহ্বান জনাইছে ৷ লগতে তেওঁৰ দৰে বিনা বেতনে অৱসৰ গ্ৰহণ কৰা দুৰ্ভগীয়া শিক্ষক-শিক্ষয়িত্ৰী সকলৰ বাবেও চৰকাৰে কোনো আঁচনি গ্ৰহণ কৰি তেওঁলোকৰ প্ৰতি সদয় হবলৈ আহ্বান জনাইছে ৷
লগতে টিংখাঙৰ শৈক্ষিক তথা সমাজ জীৱনত সদায়ে এক বলিষ্ঠ পদক্ষেপ আগবঢ়াই অহা ভুৱন চন্দ্ৰ সন্দিকৈৰ পেঞ্চনৰ ব্যৱস্থা অতি শীঘ্ৰে কৰি দিবলৈ চৰকাৰ তথা শিক্ষামন্ত্ৰীক দাবী জনাইছে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিয়ে ৷