ETV Bharat / state

Self reliant with farming: পিতৃৰ স্মৃতি জীয়াই ৰাখিবলৈ কৃষিকৰ্মত মনোনিৱেশ এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ - বজাৰত সমাদৰ লাভ

দেশ তথা ৰাজ্যৰ নিবনুৱা সমস্যা কোনো নতুন কথা নহয় ৷ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত অসমত এইবাৰ জৈৱিকভাৱে কৃষি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ ৷ লগতে তেওঁ আন দহজন লোককো দেখুৱাইছে স্ব-নিৰ্ভৰশীলতাৰ পথ ৷

Self reliant with farming
জৈৱিক কৃষি পদ্ধতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন
author img

By

Published : Aug 7, 2023, 2:08 PM IST

পিতৃৰ স্মৃতি জীয়াই ৰখাৰ বাবে কৃষিকৰ্মত মনোনিৱেশ এজন অৱসৰপ্ৰাপ্ত বিষয়াৰ

ডিব্ৰুগড়, 7 আগষ্ট : ‘‘পথাৰো আমাৰ, বজাৰো আমাৰ’’ - এই লক্ষ্য আগত ৰাখি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাইছে ডিব্ৰুগড়ৰ এজন লোকে ৷ পিতৃৰ স্মৃতি জীয়াই ৰখাৰ বাবে কৃষিকৰ্মত মনোনিৱেশ কৰিছে লোকজনে ৷ আমি কৈ থকা এই লোকজনৰ নাম সঞ্জীৱ কুমাৰ শৰ্মা ৷ কথাৰে নহয় কামেৰে নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে সঞ্জীৱ কুমাৰ শৰ্মাই ৷

চাকৰি জীৱন আৰম্ভ হোৱাৰ পূৰ্বৰ জীৱনৰ সময়ৰ কথা পাহৰিব পৰা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক সঞ্জীৱ কুমাৰ শৰ্মাই । দেউতাকে কৃষি কৰি পৰিয়াল চলাইছিল আৰু দেউতাকৰ মৃত্যুৰ পাচত তেওঁ নিজেই কৃষি কৰি চলাব লগা হৈছিল পৰিয়ালটো । এতিয়া চাকৰি জীৱন শেষ হোৱাৰ পাচতে পিতৃৰ কৰ্ম তথা স্মৃতি জীয়াই ৰখাৰ বাবে কৃষিকৰ্মত মনোনিৱেশ শৰ্মাৰ ।

অৱসৰৰ পাচতে কৃষি কৰ্মত নামি পৰিল ডিব্ৰুগড়ৰ জামিৰা মটক গাঁৱৰ বাসিন্দা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী পঞ্জীয়ক সঞ্জীৱ কুমাৰ শৰ্মা । জৈৱিক কৃষি পদ্ধতিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শনৰ এক উজ্জ্বল বাট দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে ।

প্ৰায় 10 বিঘা মাটিত জৈৱিকভাৱে শাক-পাচলি আৰু ফলমূলৰ খেতি কৰি নিজৰ লগতে আন বহু নিবনুৱাক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী পঞ্জীয়ক নিযুক্তি লাভ কৰি 2020 বর্ষত অৱসৰ গ্ৰহণ কৰা সঞ্জীৱ কুমাৰ শৰ্মাৰ জৈৱিকভাৱে উৎপাদিত শাক পাচলি আৰু ফলমূল সমূহে ডিব্ৰুগড়ৰ বিভিন্ন বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

বছৰি 2 লাখৰ পৰা 3 লাখ পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হোৱা শৰ্মাই এতিয়া এই খেতিৰ জৰিয়তে আন বহুজনৰ বাবে আদৰ্শ ব্যক্তি হৈ পৰিছে । উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ত হাজাৰ হাজাৰ নিবনুৱাই চাকৰি আশাত বহিঃৰাজ্যলৈ কৰ্মসস্থাপন বিচাৰি ঢাপলি মেলিবলগীয়া সময়তে সঞ্জীৱ কুমাৰ শৰ্মাৰ জৈৱিক কৃষি কৰ্মই বহু নিবনুৱা যুৱকক কৃষিৰ প্ৰতি আকৰ্ষিত কৰি তুলিবলৈ সক্ষম হৈছে ।

সঞ্জীৱ কুমাৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি, তেওঁৰ ঘৰৰ পৰা সকলো সামগ্ৰী ডিব্ৰুগড়ৰ বিভিন্ন বজাৰৰ পৰা অহা ব্যৱসায়ী আহি লৈ যায়হি । লগতে চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰাতকৈ ভাল দৰে কৃষিকৰ্মত মনোনিবেশ কৰিবলৈ আহ্বান জনাই যুৱক-যুৱতীসকলক ।

লগতে পঢ়ক : Story of Blind businessman: দৃষ্টিহীন ব্যৱসায়ী মানিক দেৱনাথৰ জীৱন কাহিনীৰে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.