মৰাণ, ২৮ অক্টোবৰ: পৰিষ্কাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰে মৰাণত স্বেচ্ছাসেৱী সংস্থা 'ৰণুৱা'ৰ উদ্যোগত সজাগতামূলক সমদল উলিওৱা হয়। মঙলবাৰে সন্ধিয়া মৰাণ নগৰ প্ৰশাসনৰ সহযোগত "য'ত পৰিষ্কাৰ, তাতেই সংস্কাৰ" শীৰ্ষক শ্ল'গানেৰে ৰাইজক সজাগ কৰাৰ চেষ্টা চলায় সংস্থাটোৱে। এই সমদলত মৰাণৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়েও অংশগ্ৰহণ কৰে।
বিষয়াগৰাকীয়ে ৰাইজৰ লগতে সকলো ব্যৱসায়ী স্বচ্ছতা অক্ষুণ্ণ ৰখাৰ বাবে সজাগ হ'বলৈ আহ্বান জনায়। লগতে আমাক এখন মুক্ত আকাশ লাগে বুলি উল্লেখ কৰি নিয়ম ভংগকাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থাও লোৱা হ'ব বুলি সদৰি কৰে।
লগতে পঢ়ক:বিলাসী বাহনতহে ঘূৰে ছাগলী চোৰ!