ETV Bharat / state

মৰাণত বুঢ়ীদিহিং নদীৰ ভয়াৱহ খহনীয়া - বুঢ়ীদিহিং

ডিব্ৰুগড়ৰ মৰাণত কালৰূপ ধাৰণ কৰিছে বুঢ়ীদিহিং নদীৰ ভয়াৱহ খহনীয়াই। চহৰীকটা ৰমাই লাছন গাঁৱত চপৰা-চপৰে খহিছে নৈৰ গৰা। খেতিপথাৰ উচন হোৱাৰ আশংকাত বিনিদ্ৰ ৰজনী কটাইছে দুৰ্ভগীয়া ৰাইজে। জলসম্পদ বিভাগে ৰাইজৰ সমস্যাক আওকাণ কৰাৰ অভিযোগ।

মৰাণত বুঢ়ীদিহিং নদীৰ ভয়াৱহ খহনীয়া
মৰাণত বুঢ়ীদিহিং নদীৰ ভয়াৱহ খহনীয়া
author img

By

Published : Oct 22, 2020, 5:57 PM IST

মৰাণ, ২২ অক্টোবৰ: ডিব্ৰুগড়ৰ মৰাণ ৰাজহচক্ৰৰ অধীনৰ চহৰীকটা ৰমাই লাছন গাঁৱত বুঢ়ীদিহিং নদীৰ খহনীয়াই চকুৰ টোপনি হৰিছে ৰাইজৰ। বিগত কেইবা বছৰ ধৰি খহনীয়াত উচন হৈছে গাঁওবাসীৰ কৃষিভূমি। ৰাইজৰ বাৰম্বাৰ আহ্বানৰ পিছতো গুৰুত্ব দিয়া নাই জলসম্পদ বিভাগে।

মৰাণত বুঢ়ীদিহিং নদীৰ ভয়াৱহ খহনীয়া
মৰাণত বুঢ়ীদিহিং নদীৰ ভয়াৱহ খহনীয়া

আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই গাওঁখনত খহনীয়া প্ৰতিৰোধৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। কালৰূপী খহনীয়াই ভাবুকি আনিছে গাওঁঁবাসীৰ জীৱনৰ প্ৰতিও। শীঘ্ৰেই খহনীয়া প্ৰতিৰোধী আঁচনি গ্ৰহণ নকৰিলে বিঘাই বিঘাই কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়ক:জনজাতিকৰণৰ দাবীত সদৌ অসম আদীবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.