ETV Bharat / state

A government school in the spotlight: চৰ্চাত থকা ৰাজ্যৰ এখন বিশেষ চৰকাৰী বিদ্যালয়

author img

By

Published : Feb 25, 2023, 12:37 PM IST

ৰাজ্যত সৰ্বত্ৰে চৰ্চা লাভ কৰিছে এখন চৰকাৰী বিদ্যালয়ে ৷ নামী-দামী বেচৰকাৰী বিদ্যালয়ৰ উত্থানৰ কৱলত পৰি যি সময়ত ৰাজ্যৰ বহু চৰকাৰী বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম ঘটিছে, ঠিক সেই সময়তে সামাজিক মাধ্যমকে ধৰি বিভিন্ন প্লেটফৰ্মত চৰ্চা লাভ কৰিছে ৰাজ্যৰ এখন বিশেষ বিদ্যালয়ে (Govt school of Assam) ৷

A government school in Assam
বিশেষ চৰকাৰী বিদ্যালয়

বিশেষ চৰকাৰী বিদ্যালয়

ডিব্ৰুগড়, 25 ফেব্ৰুৱাৰী : ৰাজ্যৰ অধিকাংশ বেচৰকাৰী বিদ্যালয়ৰ মাজত যেন চলি গৈছে এখন অঘোষিত প্ৰতিযোগিতা ৷ প্ৰতিখন বেচৰকাৰী বিদ্যালয়েই বিভিন্ন সা-সুবিধাৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব বহন কৰিছে ৷ সবল আন্তঃগাঁথনিৰে এনেসমূহ বিদ্যালয়ৰ কৰ্তৃপক্ষই অভিভাৱকসকলকো পাৰ্যমানে আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখে ৷ বেচৰকাৰী বিদ্যালয় সমূহৰ মাজত চলা এই প্ৰতিযোগিতাৰ ফলত আজি বহু চৰকাৰী বিদ্যালয় মৃতপ্ৰায় অৱস্থালৈ গতি কৰিছে ৷ বহুসংখ্যক চৰকাৰী বিদ্যালয় ইতিমধ্যেই বন্ধ হৈ পৰিছে ৷

এনে সংবেদনশীল পৰিস্থিতিৰ মাজতো এতিয়া গা কৰি উঠিছে এখন চৰকাৰী বিদ্যালয়ে ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এইখন বিদ্যালয়ে (Govt school of Assam) ৷ বেচৰকাৰী নামী-দামী বিদ্যালয়ৰ সমানেই উন্নত চাচনী যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয় ৷ সামাজিক মাধ্যমকে ধৰি বিভিন্ন স্তৰত চৰ্চা লাভ কৰাৰ পাছত অৱশেষত বিদ্যালয়খন পৰিভ্ৰমণ কৰাৰ উদ্দেশ্যে উপস্থিত হ’ল খোদ শিক্ষামন্ত্ৰী ৰণোজ পেগু (Government school in Assam viral on social media) ৷ এইখন চৰকাৰী বিদ্যালয়ে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া বহুজনৰ ।

নামী-দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে সকলো সা-সুবিধাৰে পৰিপূৰ্ণ অতি ভিতৰুৱা অঞ্চলৰ এইখন চৰকাৰী বিদ্যালয় । পৰিস্কাৰ পৰিচ্ছন্ন বিদ্যালয়ৰ চৌহদ, শ্ৰেণীকোঠা, বাথৰুমৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে আছে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ৷ ঠাণ্ডা দিনত গৰম পানী খোৱাৰো ব্যৱস্থা ৰখা হৈছে বিদ্যালয়খনত । চৰকাৰী বিদ্যালয় বুলিলে সাধৰণতে যিখন প্ৰতিচ্ছবি বা যেনে ধাৰণা আপোনাৰ মনলৈ আহে তাক সলনি কৰিব এইখন চৰকাৰী বিদ্যালয়ৰ পৰিৱেশে । ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ এইখন চৰকাৰী বিদ্যালয়ৰ আছে সকলো সা-সুবিধা তথা আন্তঃগাঁথনি ।

চাচনী যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰেই আছে সকলো সুবিধা (Sasoni Yamunamukh high school) । বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভূপেন গোহাঁইয়ে আন শিক্ষকসকলৰ সহযোগত নিজৰ প্ৰচেষ্টাৰে নিৰ্মাণ কৰিছে আত্যাধুনিক water purifier । বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে বিশুদ্ধ গৰম আৰু ঠাণ্ডা পানী খাব পৰাকৈ কৰিছে এই ব্যৱস্থা । Computer শিক্ষক নাই যদিও সীমিত জ্ঞানেৰে ছাত্ৰ-ছাত্ৰীক শিক্ষক সকলে দি আহিছে কম্পিউটাৰৰ শিক্ষা । বিদ্যালয়খনৰ পৰিষ্কাৰ চৌহদ, শ্ৰেণীকোঠাৰ লগতে পৰিষ্কাৰ আৰু বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰা হৈছে বাথৰুম । চৰকাৰৰ প্ৰতিটো আঁচনি সঠিকভাৱে ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে বিদ্যালয়খনৰ আন্তঃগাঁথনি, যাৰ বাবে আন আন চৰকাৰী বিদ্যালয়ৰ বাবেও আদৰ্শ হৈ পৰিছে এইখন চাচনী যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয় ।

ইফালে বিদ্যালয়খনৰ পৰিচালনা তথা বিভিন্ন সা-সুবিধাৰ সবিশেষ সামাজিক মাধ্যমত যথেষ্ট প্ৰচাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে বিদ্যালয়খনত উপস্থিত হয় খোদ শিক্ষামন্ত্ৰী ৰণোজ পেগু (Ranoj Pegu Sasoni Govt school) । মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতেও মত বিনিময় কৰে । এখন বিদ্যালয়ৰ পৰিৱেশ তথা আন্তঃগাঁথনি ভাল কৰিবলৈ হ'লে বহু টকা পইচাৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যাৰ মনৰ ইচ্ছা আৰু সেয়া কৰি দেখুৱালে যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ে ।

লগতে পঢ়ক : Missing student rescued: মৰিয়নিত উদ্ধাৰ কটনৰ সন্ধানহীন ছাত্ৰ সূৰ্য নাৰায়ণ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.