ডিব্ৰুগড়, 4 ডিচেম্বৰ: পুনৰ অৰুণাচলত আবদ্ধ মৰাণৰ ৯ জনকৈ শ্ৰমিক(9 labourers from Assam Trapped in Arunachal) । অৰুণাচলৰ আলং জিলাৰ বাংৰা নামৰ ঠাইত শ্ৰমিককেইজন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে শ্ৰমিককেইজনৰ পৰিয়ালে । শ্ৰমিকসকলক উক্ত অঞ্চলৰ ঠিকাদাৰ প্ৰতিষ্ঠানে ঘৰলৈ ঘূৰি আহিবলৈ দিয়া নাই বুলি সদৰী কৰে শ্ৰমিককেইজনৰ পৰিয়ালৰ লোকে ।
শ্ৰমিকসকল নিৰ্যাতনৰ সন্মুখীন হোৱাৰ খবৰ পোৱাৰ পাছতে পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ(Labourers Trapped in Arunachal) । অৰুণাচলত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰি ঘৰলৈ লৈ আহিবলৈ মৰাণৰ ঝলম গাঁৱৰ শ্ৰমিকসকলৰ পৰিয়ালে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে মৰাণ আৰক্ষী থানাত আবেদন জনাইছে ।
সংবাদ মাধ্যমৰ আগত পৰিয়ালে জানিবলৈ দিয়া অনুসৰি চৰাইদেউ জিলাৰ সোণাৰি নাপুকৰ নিবাসী মাইকেল চাদৰে শ্ৰমিকসকলক ৭ নৱেম্বৰত ধেমাজি জিলাৰ চিলাপথাৰত কাম কৰিব লাগিব বুলি প্ৰলোভন দি শ্ৰমিকসকলক লৈ যায় অৰুণাচললৈ । ইয়াৰ পাছতে অৰুণাচলত শ্ৰমিক সকলৰ ওপৰত ঠিকাদাৰ প্ৰতিষ্ঠানে শাৰীৰিক অত্যাচাৰ চলোৱাৰ লগতে ঘৰলৈ ঘূৰি আহিবলৈ দিয়া নাই বুলি জানিবলৈ দিছে পৰিয়ালে ।
![Labourers Trapped in Arunachal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-801to807-9labourofmorantiedupatarunachal-as10031_04122022142114_0412f_1670143874_851.jpg)
অসহায় পৰিয়ালসমূহে দেওবাৰে মৰাণ আৰক্ষীৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ(Chakradhar Gogoi MLA of MORAN) কাষ চাপিছে । আৰক্ষীয়ে শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ আৰক্ষী তথা স্থানীয় বিধায়কে কি ব্যৱস্থা লয় সেয়াহে লক্ষ্যনীয় হ'ব । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মৰাণৰ বহু শ্ৰমিক অৰুণাচলত কাম কৰিবলৈ গৈ আবদ্ধ হোৱাৰ ঘটনা পোহৰলৈ আহিছিল । পৰবৰ্তী সময়ত আৰক্ষীৰ উদ্যোগত শ্ৰমিকসকল ঘৰলৈ আহিবলৈ সক্ষম হৈছিল । পুনৰ মৰাণৰ ৯ জনকৈ শ্ৰমিক অৰুণাচলত আবদ্ধ হোৱা ঘটনাই মৰাণত সৃষ্টি কৰিছে চাঞ্চল্যৰ ।
লগতে পঢ়ক : ৰুকচিন চেক গেটত উপস্থিত অৰুণাচলত আবদ্ধ অসমৰ শ্ৰমিক