ETV Bharat / state

নামৰূপৰ ৰেপিড এণ্টিজেন টেষ্ট শিবিৰত 7 গৰাকীৰ দেহত ক’ভিড-19

author img

By

Published : Jul 31, 2020, 10:03 AM IST

বৃহস্পতিবাৰে নামৰূপৰ ৰেপিড এণ্টিজেন টেষ্ট শিবিৰত 7 গৰাকী ৰোগীৰ দেহত ধৰা পৰে ক’ভিড-19 ৷ শিবিৰটোত মুঠ 70 গৰাকী ৰোগীৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷

7 more covid positive in Namrup rapid antigen test camp
নামৰূপৰ ৰেপিড এণ্টিজেন টেষ্ট শিবিৰত 7 গৰাকীৰ দেহত ক’ভিড পজিটিভ

নাহৰকটীয়া, 31 জুলাই : ডিব্ৰুগড়ৰ নামৰূপত বিভিএফচি বিহু পেণ্ডেলত বৃহস্পতিবাৰে পুৱা 10 বজাত ক’ভিড-19 নমুনা পৰীক্ষা তথা ৰেপিড এণ্টিজেন টেষ্টৰ এক শিবিৰ অনুষ্ঠিত কৰা হয় ৷ উক্ত শিবিৰত কাহ, পানী লগা জ্বৰত ভুগি থকা ৰোগীসকলৰ সৈতে মুঠ 70 গৰাকী ৰোগীৰ তেজৰ নমুনা পৰীক্ষা কৰা হয় ।পৰীক্ষাৰ ফলাফলৰ অন্তত 7 গৰাকী ৰোগীৰ দেহত ধৰা পৰে ক’ভিড-19 ৷

আক্ৰান্ত ৰোগীসকলৰ ভিতৰত এগৰাকী খেৰেমীয়াৰ, এগৰাকী পানীদৰিয়া নগাগাঁৱৰ, এগৰাকী মিলনপুৰৰ আৰু 4 গৰাকী সাৰ উদ্যোগৰ আৱাসিক এলেকাৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷

সাৰ উদ্যোগৰ কৰ্মচাৰী এম কে চাহুৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ বাবে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । আনহাতে, আন 6 গৰাকীক মৰাণ আৰু দুলিয়াজান ক’ভিড কেয়াৰ কেন্দ্ৰলৈ পঠোৱা হয় । উল্লেখ্য যে, উক্ত শিবিৰত নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী উপস্থিত থাকি পৰীক্ষা সম্পৰ্কে তদাৰক কৰে ।

লগতে পঢ়ক : দেৱব্ৰত শইকীয়াৰ দেহৰক্ষীৰ দেহত ক’ভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.