ETV Bharat / state

মঙগলবাৰৰ দিনটোত মৰাণত ক’ভিড-19ত আক্ৰান্ত হ’ল ৬৩ জনকৈ লোক - পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ডিব্ৰুগড় জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ ৷ মঙলবাৰৰ দিনটোত ডিব্ৰুগড় জিলাৰ 55 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ অৱস্থিতি ৷ বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ২১২০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে ৷ বৃহত্তৰ মৰাণ অঞ্চলৰ ১৯ জনকৈ লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷

63-people-tested-covid-positive-at-moran
মঙগলবাৰৰ দিনটোত মৰাণত ক’ভিড-19ত আক্ৰান্ত হ’ল ৬৩ জনকৈ লোক
author img

By

Published : May 25, 2021, 10:49 PM IST

মৰাণ, 25 মে': ৰাজ্যত অপ্ৰতিৰোধ্য ৰূপত বৃদ্ধি পাইছে ক’ভিড-19ৰ সংক্ৰমণ ৷ বদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে ডিব্ৰুগড় জিলাতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷

মঙলবাৰৰ দিনটোত ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰৰ 55 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ অৱস্থিতি ৷ ইয়াৰে খোৱাং স্বাস্থ্য কেন্দ্ৰৰ ৫০ জন, ৩ জন চৰাদেউ আৰু ২ জন নাহৰণি ব্লকৰ নিৱাসী । এই পৰ্যন্ত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ক’ভিড আক্ৰান্ত ৰোগী ১৭০১ গৰাকীলৈ বৃদ্ধি পালে ৷

উক্ত ক'ভিড আক্ৰান্ত সকলক ১০ জনক মৰাণ নৱোদয় বিদ্যালয়, লেঙেৰী আৰু অসম চিকিৎসা মহাবিদ্যালয় কভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে, বাকী সকলক হোম আইচলেশ্যনত ৰখা হৈছে । চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত মঙলবাৰে ৮ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে ।

পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ৪১৯ জন লোকৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে । চিকিৎসক সকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলকে হোম আইচ’লেশ্যনত ৰখা হৈছে । দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ২১২০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে । বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলৰ ১৯ জনকৈ লোক ক'ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷

লগতে পঢ়ক : মীন পালনেৰে স্বাৱলম্বীতাৰ নিৰ্দশন উমানন্দৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.