ETV Bharat / state

ডিব্ৰুগড়ত বন বিভাগৰ অভিযানত উচ্ছেদ 5 টা অবৈধ কাঠ ফলা মিল - 5 illegal sawmills evicted by forest department

ডিব্ৰুগড়ত অব্যাহত আছে অবৈধ কাঠ ফলা মিলৰ ৰমৰমীয়া বেহা ৷ ইয়াৰ মাজতে ডিব্ৰুগড়ৰ বন বিভাগৰ অভিযানত জব্দ হৈছে 5 টা অবৈধ কাঠ ফলা মিল ৷

5-illegal-sawmills-evicted-by-forest-department-in-dibrugarh
ডিব্ৰুগড়ত বন বিভাগৰ অভিযানত উচ্ছেদ 5 টা অবৈধ কাঠ ফলা মিল
author img

By

Published : Aug 22, 2021, 8:40 PM IST

ডিব্ৰুগড়,22 আগষ্ট : আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি ডিব্ৰুগড়ত অব্যাহত আছে কাঠ ফলা মিলৰ ৰমৰমীয়া বেহা ৷ বিয়াগোম বন বিভাগৰ অধীনত জিলাখনৰ ঠায়ে ঠায়ে থকা বন সংমণ্ডল সমূহৰ বিষয়া কৰ্মচাৰীৰ চকুত ধূলি মাৰি চলি আছে অবৈধ কাঠ আৰু কাঠফলা মিলৰ বেহা ৷ ডিব্ৰুগড়ৰ ৰহমৰীয়াত 5 টা অবৈধ কাঠ ফলা মিল জব্দ তথা উচ্ছেদ ডিব্ৰুগড়ৰ বন বিভাগে ৷ প্ৰাপ্ত খবৰ মতে, ৰহমৰীয়াৰ ব'ৰ'তি চুক অঞ্চলত দীৰ্ঘদিন ধৰি এই অবৈধ কাঠ ফলা মিল সমূহ চলাই থকা হৈছিল ৷

5-illegal-sawmills-evicted-by-forest-department-in-dibrugarh
উচ্ছেদ অবৈধ কাঠ ফলা মিল

ইয়াৰ মাজতে দেওবাৰে ডিব্ৰুগড় বন সংমণ্ডলৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত যোৱা বিভাগৰ এটা দল আৰু ৰহমৰীয়া আৰক্ষীৰ সহযোগত অতৰ্কিতে অভিযান চলাই এই অবৈধ মিল সমূহ জব্দ কৰে ৷ লগতে 26 টাকৈ মূল্যৱান কাঠৰ কুণ্ডাও এই অভিযান কালত জব্দ কৰে বিভাগৰ দলটোৱে ৷ বন বিভাগৰ বিষয়াই জনোৱা অনুসৰি এই সমূহ অবৈধ মিলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা হৈছে ৷ জিলাখনত অবৈধভাৱে চলি থকা প্ৰতিটো মিল জব্দ কৰাৰ লগতে মিলৰ মালিক সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

মন কৰিবলগীয়া যে, অসমৰ বিভিন্ন জিলাত আৰক্ষী তথা বন বিভাগৰ চকুত ধূলি মাৰি একাংশ দুষ্ট লোকে অব্যাহত ৰাখিছে কাঠ ফলা মিলৰ অবৈধ ব্যৱসায় ৷

কিন্তু এই সমূহ মিল বন্ধ কৰাৰ লগতে মিলৰ মালিক সকলৰ বিৰুদ্ধে কোনোধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগে ৷ ইফালে একাংশ বিষয়া-কৰ্মচাৰীয়ে এইসমূহ মিলৰ লগত ধনৰ লেনদেন কৰি দেখিও নেদেখাৰ ভাও জোৰাৰ অভিযোগ উত্থাপন কৰে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ চৰকাৰী চাকৰিত জনসংখ্যা নীতি : অৱশেষত জাৰি হ'ল জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.