মৰাণ,29 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো প্ৰতিদিনে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত বুধবাৰে 39 গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে ৷ স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি, খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাসমূহৰ ভিতৰত ক'ভিড ৰোগীৰ সংখ্যা 224 গৰাকীলৈ বৃদ্ধি পায় ।
ইফালে চৰাইদেউ জিলাৰ পাতসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাসমূহত একেটা দিনতে 4 গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে । উল্লেখ্য যে, মাহমৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত 35 গৰাকী লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । চিকিৎসকে জানিবলৈ দিয়া মতে, আক্ৰান্ত একাংশ লোকক হোম আইচ’লেছনত ৰখা হৈছে । বৰ্তমানলৈকে বৃহত্তৰ মৰাণ অঞ্চলত 259 গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক : বুধবাৰে বৰপেটাত ক’ভিড-19 ত আক্ৰান্ত ৮৯ জন লোক