ETV Bharat / state

ডিব্ৰুগড়ত আছুৰ তৃতীয়টো অৰ্থনৈতিক প্ৰকল্পৰ উদ্বোধন

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অৰ্থনৈতিক বিপ্লৱৰ তৃতীয়টো প্ৰকল্প শুকুৰবাৰে দুলীয়াজানস্থীত ভাদৈ পাঁচআলিৰ ২নং বৰপথাৰত মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ প্ৰকল্পটো মুকলি কৰি বৰুৱাই কয় যে- "ছাত্ৰ সন্থাই জাতিৰ বাবে আন্দোলনো কৰে আৰু অৰ্থনৈতিক বিপ্লৱৰো সূচনা কৰিছে ৷ তাৰেই উদাহৰণ হিচাপে আজি আমাৰ তৃতীয়টো প্ৰকল্প মুকলি কৰিছো ৷

author img

By

Published : Feb 6, 2021, 7:51 AM IST

ডিব্ৰুগড়ত আছুৰ তৃতীয়টো অৰ্থনৈতিক প্ৰকল্পৰ উদ্বোধন
ডিব্ৰুগড়ত আছুৰ তৃতীয়টো অৰ্থনৈতিক প্ৰকল্পৰ উদ্বোধন

মৰাণৰ,6 ফেব্ৰুৱাৰীঃ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অৰ্থনৈতিক বিপ্লৱৰ তৃতীয়টো প্ৰকল্প শুকুৰবাৰে দুলীয়াজানস্থীত ভাদৈ পাঁচআলিৰ ২নং বৰপথাৰত মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ প্ৰকল্পটো মুকলি কৰি বৰুৱাই কয় যে- "ছাত্ৰ সন্থাই জাতিৰ বাবে আন্দোলনো কৰে আৰু অৰ্থনৈতিক বিপ্লৱৰো সূচনা কৰিছে ৷ তাৰেই উদাহৰণ হিচাপে আজি আমাৰ তৃতীয়টো প্ৰকল্প মুকলি কৰিছো ৷ জাতিৰ ন্যাৰ্য প্ৰাপ্তিৰ বাবে আমি পৰিকল্পিত অৰ্থনৈতিক বিকল্প সূচনা কৰিছো ৷ অসমৰ প্ৰেক্ষাপটত গাহৰি মাংসৰ যথেষ্টখিনি চাহিদা বৃদ্ধি পাইছে ৷ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি বিজ্ঞানসন্মতভাৱে গাহৰি পালনৰ যোগেদি ভাদৈত, ভাদৈৰ আছুৰ উপদেষ্টা ৰূপাঞ্জীত ৰাজগীৰিৰ তত্ত্বাৱধানত আমি এখোজ আগবাঢ়িব বিচাৰিছোঁ, ৰাইজে সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী ৷ "

উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অনিল গগৈ, সাংস্কৃতিক সম্পাদক কনক গগৈ, কাৰ্যনিৰ্বাহক প্ৰদীপ গগৈ, ভাদৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণীন্দ্ৰনাথ ফুকন আৰু দুলীয়াজান আছুৰ সাধাৰণ সম্পাদক দীপাংকৰ গগৈ, পশু চিকিৎসক, ভাদৈৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপৰিও গাৱঁৰ একাংশ যুৱক আৰু মহিলা সমিতিয়ে অনুষ্ঠানত উপস্থিত থাকি গাহৰি পালক ৰূপাঞ্জীত ৰাজগীৰিক সাহস আৰু প্ৰেৰণা যোগায় ৷

লগতে পঢ়কঃ খালী চকীৰ সন্মুখত চন্দ্ৰমোহন পাটোৱাৰীৰ ভাষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.