মৰাণ, 30 এপ্ৰিল : লক-ডাউনৰ বাবে গুজৰাটৰ চুৰাটত আৱদ্ধ হৈ পৰিছে অসমৰ 35 জন শ্ৰমিক ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচী আৰু শেনচোৱা অঞ্চলৰ কেইবাখনো গাঁৱৰ ৩৫ জনীয়া যুৱকৰ দল এটা কৰ্মৰত আছিল চুৰাটৰ কাপোৰৰ মিলত ৷ কিন্তু লক-ডাউনৰ বাবে কৰ্মহীন হৈ পৰাত বৰ্তমান তীব্ৰ অৰ্থ আৰু খাদ্য সংকটতত ভুগিছে শ্ৰমিকৰ দলটো ৷ আনকি বিগত দুমাহে ঘৰ ভাৰা দিব নোৱাৰাত ঘৰৰ পৰা উলিয়াই দিয়া হয় শ্ৰমিক কেইজনক ৷ যাৰবাবে অসহায় হৈ কোম্পানীৰ চৌহদতে এসাঁজ খাই এসাঁজ লঘোণে থাকিব লগা হৈছে শ্ৰমিক কেইজন ৷
শেষত উপায়বিহীন হৈ যুৱক কেইজনে এক ভিডিঅ যোগে অসম চৰকাৰক সহায় কৰিবলৈ অনুৰোধ জনাইছে ৷ এইক্ষেত্ৰত যুৱককেইগৰাকীৰ পৰিয়ালৰ লোকেও তেওঁলোকক অসমলৈ উভতাই আনিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে ৷
লগতে পঢ়ক : কামৰূপত আৰ্থিক সাহায্য বিতৰণত অনিয়ম, নিলম্বন ২ সচিব