ETV Bharat / state

অসমৰ ৩৪৪ খন থানা আধুনিকীকৰণ কৰা হ'বঃ সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jan 16, 2021, 1:33 PM IST

অসমৰ বৰাক, ব্ৰক্ষ্মপুত্ৰ, পাহাৰ ভৈয়ামত বাস কৰা সকলো শ্ৰেণীৰ নাগৰিকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা আৰু অপৰাধীৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিয়া আৰক্ষী প্ৰধানৰ দায়িত্ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

অসমৰ ৩৪৪ খন থানা আধুনিকীকৰণ কৰা হ'বঃ সৰ্বানন্দ সোণোৱাল
অসমৰ ৩৪৪ খন থানা আধুনিকীকৰণ কৰা হ'বঃ সৰ্বানন্দ সোণোৱাল

মৰাণ,16 জানুৱাৰীঃ অসম আৰক্ষীত হিমালয় সদৃশ প্ৰত্যাহ্বান আছে । অসমৰ বৰাক, ব্ৰক্ষ্মপুত্ৰ, পাহাৰ ভৈয়ামত বাস কৰা সকলো শ্ৰেণীৰ নাগৰিকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা আৰু অপৰাধীৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিয়া আৰক্ষী প্ৰধানৰ দায়িত্ব । গতিকে আৰক্ষী সকলৰ বাবে মৈত্ৰী আঁচনিৰ জড়িয়তে অসমৰ ৩৪৪ খন আৰক্ষী থানা আধুনিক কৰা হ'ব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱনটি শুভ উদ্বোধন কৰি ঘোষণা কৰে।

উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ দপ্তৰৰ মাননীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, স্থানীয় দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰৰী, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙ, উপ আৰক্ষী মহাপৰিদৰ্শক অৰবিন্দ কলিতা আৰু জিতমল দলে, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক প্ৰতীক থুবে, অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ আৰু অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়কঃ সংকটজনক অৱস্থাত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.