ETV Bharat / state

Birsa Munda Birth Anniversary: মৰাণত বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

মৰাণত অসম মুণ্ডা মহাভাৰ সপ্তম পঞ্চবাৰ্ষিক অধিবেশন আৰু বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উদযাপন (147th birth anniversary of Birsa Munda) । হাজাৰ হাজাৰ ৰাইজৰ সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজৰ মন । মুণ্ডা মহাসভাই অসম বন্ধ বাতিল কৰিবলৈ আহ্বান জনোৱাৰ পিছত ছয় জনগোষ্ঠীয় যৌথ মঞ্চই গুৰুত্ব নিদিয়াত দুখ প্ৰকাশ মুণ্ডা মহাসভাৰ (Munda Mahasabha) ।

author img

By

Published : Nov 15, 2022, 7:22 PM IST

Birsa Munda
Birsa Munda

মৰাণ, ১৫ নৱেম্বৰ : আজি জনজাতীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী (147th birth anniversary of Birsa Munda) । সমগ্ৰ দেশতে আজি বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী 'জনজাতীয় গৌৰৱ দিৱস' হিচাবে পালন কৰা হৈছে (freedom Martyr Birsa Munda) । অসমতো পালন কৰা হৈছে বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী ।

আজি মৰাণতো জনজাতীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উলহ-মালহেৰে উদযাপন কৰা হয় (Birsa Munda birth anniversary at Moran) । মৰাণৰ বামুণবাৰী চাহ বাগিচা খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত বিশাল অনুষ্ঠানটোত হাজাৰ হাজাৰ ৰাইজৰ সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজৰ মন মুহিবলৈ সক্ষম হয় ।

অবিভক্ত ডিব্ৰুগড়-তিনিচুকীয়া জিলা সমিতি, জিলা মহিলা সমিতিৰ উদ্যোগত তথা বামুণবাৰী, মৰাণ, খোৱাং, বৰবৰুৱা, টিংখাং ৰাজগড় আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে এই জন্ম জয়ন্তী অনুষ্ঠান । উল্লেখ্য, কেইবাটাও কাৰ্যসূচীৰে সোমবাৰৰ পৰা অনুষ্ঠিত মুণ্ডা মহাসভাৰ সপ্তম পঞ্চবাৰ্ষিক অধিবেশনৰ (seventh annual session of Munda Mahasabha) মঙলবাৰে পুৱাৰ ভাগত সামুহিক চাফাই অভিযানেৰে কাৰ্যসূচী আৰম্ভ হয় ।

মৰাণত বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

ইয়াৰ পিছতে বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, মুণ্ডা মহাসভাৰ প্ৰয়াত কৰ্মীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয় (Munda Mahasabha annual session at Moran)। এই সাংস্কৃতিক শোভাযাত্ৰাত চাহ জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয় । ইফালে ইয়াৰ পিছতে অনুষ্ঠিত মুকলিসভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি বীৰছা মুণ্ডাৰ জীৱন পৰিক্ৰমাৰ ওপৰত ভাষণ আগবঢ়ায় ।

উল্লেখ্য, ছয় জনগোষ্ঠীৰ প্ৰস্তাৱিত অসম বন্ধৰ কাৰ্যসূচী বাতিল কৰিবলৈ মুণ্ডা মহাসভাই আহ্বান জনোৱাৰ পিছতো জনগোষ্ঠীয় যৌথ মঞ্চই তাত গুৰুত্ব নিদিয়াত দুখ প্ৰকাশ কৰে মুণ্ডা মহাসভাই । আনহাতে, ভৱিষ্যতে ছয় জনগোষ্ঠীয় যৌথ মঞ্চই কাৰ্যসূচী গ্ৰহণ কৰিলে মুণ্ডা মহাসভাই তাত সহযোগ নকৰাৰ কথাও প্ৰকাশ কৰে ।

উল্লেখ্য, ১৮৭৫ চনৰ ১৫ নৱেম্বৰত জন্মগ্ৰহণ কৰা বীৰছা মুণ্ডা হৈছে এগৰাকী ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী আৰু মুণ্ডা জনজাতিৰ লোকনায়ক । তেওঁ ঊনবিংশ শতিকাৰ শেষৰ ফালে ব্ৰিটিছৰাজৰ সময়ত বেংগল প্ৰেছিডেন্সিত (বৰ্তমান ঝাৰখণ্ড) উদ্ভৱ হোৱা এক জনজাতীয় ধৰ্মীয় আন্দোলনৰ নেতৃত্ব দিছিল । যাৰ ফলত তেওঁ ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ব্যক্তি হৈ পৰে । বিদ্ৰোহ টো মুখ্যতঃ খুণ্টি, তামাৰ, চাৰৱাড়া আৰু বান্দগাঁৱৰ মুণ্ডা বেল্টত কেন্দ্ৰীভূত হৈছিল।

তেওঁক ১৯০০ চনৰ ৩ ফেব্ৰুৱাৰীত চক্ৰধৰপুৰৰ জামকোপাই বনাঞ্চলত গ্ৰেপ্তাৰ কৰা হয় । ৰাঁচীৰ উপায়ুক্তৰ মতে, ১৫ টা বিভিন্ন অপৰাধমূলক গোচৰত ৪৬০ জন জনজাতীয় লোকক অভিযুক্ত কৰা হৈছিল, যাৰ ভিতৰত ৬৩ জনক দোষী সাব্যস্ত কৰা হৈছিল । এজনক মৃত্যুদণ্ড দিয়া হৈছিল, ৩৯ জনক যাৱজ্জীৱন কাৰাদণ্ড আৰু ২৩ জনক চৈধ্য বছৰলৈকে কাৰাবাস দিয়া হৈছিল । বিচাৰ চলি থকাৰ সময়তে কাৰাগাৰত বীৰছা মুণ্ডাকে ধৰি ছয়জন লোকৰ মৃত্যু হয় । ১৯০০ চনৰ ৯ জুনত বীৰছা মুণ্ডাৰ কাৰাগাৰতে মৃত্যু হয় ।

লগতে পঢ়ক :Bir Lachit Tea : বীৰ লাচিতৰ নামেৰে নামকৰণ অসমৰ চাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.