ETV Bharat / state

কাঠৰ দলং ভাঙি তলত পৰিল মিনি মালৱাহী ট্ৰাক

ধুবুৰীৰ ফলিমাৰীত কাঠৰ দলং ভাঙি দুৰ্ঘটনাগ্ৰস্ত মিনি মালৱাহী ট্ৰাক, ঘটনা সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত ধুবুৰীবাসীৰ

ধুবুৰীত কাঠৰ দলং ভাঙি তললৈ সৰি পৰিল মিনি মালৱাহী ট্ৰাক
author img

By

Published : Mar 14, 2019, 8:58 PM IST

ধুবুৰী, ১৪মাৰ্চ: ধুবুৰী, ১৪মাৰ্চ: বৃহস্পতিবাৰে ধুবুৰীৰ ফলিমাৰীত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । জিলাখনৰ ফলিমাৰীত থকা একমাত্ৰ কাঠৰ দলং খনৰ একাংশ ভাঙি তললৈ সৰি পৰে এখন মিনি মালবাহী ট্ৰাক । বৃহস্পতিবাৰৰ বিয়লি ভাগত সংঘটিত হোৱা এই ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলবাসী উত্তেজিত হৈ পৰে । উত্তেজিত ৰাইজে দলংখন অতি সোনকালে মেৰামতি কৰাৰ দাবীত জিলাখনৰ একাংশ পথ অৱৰোধ কৰি গড়কাপ্তানী বিভাগসহ বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধেও বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে, অৱৰোধস্থলীত ধুবুৰী চক্ৰ বিষয়া জয় শৰ্মাই উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক যুদ্ধকালীন ক্ষিপ্ৰতাৰে এক বিকল্প পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

ধুবুৰীত কাঠৰ দলং ভাঙি তললৈ সৰি পৰিল মিনি মালৱাহী ট্ৰাক

উল্লেখ্য যে, প্ৰায় 7-8 বছৰৰ পূৰ্বে ফলিমাৰীৰ কাঠৰ দলংখনৰ একাংশ গদাধৰ নৈৰ এটা সুঁতিয়ে উটুৱাই নিয়া পিছত দলংখন মেৰামতি কৰা হৈছিল যদিও বৃহস্পতিবাৰে পুনৰ ভাঙি পৰে দলংখন । অঞ্চলবাসীয়ে দীৰ্ঘদিনৰ পৰাই সেই দুৰ্বল কাঠৰ দলংখনৰ ঠাইত এখন পকী দলঙৰ বাবে দাবী জনোৱাৰ পাছত কেইবাবছৰ পূৰ্বে উক্ত কাঠৰ দলঙখনৰ কাষেৰে এখন নতুন পকী দলং নিৰ্মাণ কৰা হৈছিল যদিও বিভাগটোৱে বৰ্তমানেও সম্পূৰ্ণ কৰিব নোৱাৰিলে দলংখন । ইফালে, বিগত সাত বছৰে ধুবুৰীৰ বিধায়ক নজৰুল হক আৰু সাংসদ বদৰুদ্দিন আজমলে এই ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা প্ৰদান নকৰাৰো অভিযোগ উত্তেজিত ৰাইজৰ ।

 SLUG- A_DHB_808_812_WOODEN_BRIDGE_PROTEST_VIS+BYTE_SHAHANUR
Date:- 14/03/19
( Files send through MOJO )

   Anchor:- ধুবুৰীৰ ফলিমাৰীত অঘটন। দূৰ্বল কাঠৰ দলং ভাঙি তললৈ সৰু পৰিল মিনি মালৱাহী ট্ৰাক। ঘটনাৰ পিচতেই উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

   vo:- আজি বিয়লি ভাগত ধুবুৰী চহৰৰ পাৰ্শৱৰ্তী ফলিমাৰীত আজি সংঘটিত হৈছে অঘটন৷ ধুবুৰী চহৰ সংযোগী বৃহত্তৰ সেই অঞ্চলটোৰ একমাত্ৰ কাঠৰ দলংখনৰ একাংশ ভাঙি তললৈ পৰি যায় এটা মিনি মালবাহী ট্ৰাক৷ উক্ত ঘটনাৰ পিছত উত্তেজিত হৈ পৰে অঞ্চলটোৰ বহু ৰাইজ আৰু  দলংখন তৎকালে মেৰামতি কৰাৰ দাৱীত ধুবুৰীত ওলোৱা-সোমোৱা কৰিব পৰা মূল গুৰু ত্যাগ বাহাদূৰ পথৰ একাংশ অৱৰোধ কৰে৷ আনকি অৱৰোধকাৰী সকলে স্থানীয় গড়কাপ্তানী বিভাগ সহ বিভাগীয় মন্ত্ৰীগৰাকীৰ বিৰূদ্ধে বিভিন্ন প্ৰতিৱাদী  শ্লোগাৱেৰে প্ৰতিৱাদস্থলী উত্তাল কৰি তোলাও পোৱা যায়৷ অৱশ্যে পিছত অৱৰোধস্থলীত ধুবুৰী চক্ৰ বিষয়া জয় শৰ্মা উপস্থিত হৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে এক বিকল্প পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াত অৱৰোধকাৰী সকলে অৱৰোধ উঠাই লয়৷  উল্লেখ্য যে প্ৰায় ৭/৮  বছৰ  পূৰ্বে উক্ত কাঠৰ দলংখনৰ একাংশ উটুৱাই নিছিল গদাধৰ নৈৰ এটা সূঁতিয়ে৷  তাৰপিছত সেই কাঠৰ দলঙখন মেৰামতি কৰা হৈছিল আৰু আজি পুনৰ ভাগি পৰে সেইখন৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই  সেই দূৰ্বল কাঠৰ দলঙখনৰ ঠাইত পকী দলং নিৰ্মাণ কৰাৰ দাৱী  জনাই আহিছিল অঞ্চলবাসীয়ে৷ আনকি সেই দাৱীৰে স্থানীয় গড়কাপ্তানী বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচীও ৰূপায়িত কৰাও পোৱা গৈছিল৷ আনহাতে কেইবা বছৰ পূৰ্বেই উক্ত কাঠৰ দলঙখনৰ কাষেৰে নিৰ্মাণ আৰম্ভ হোৱা পকী দলঙখন বিগত বছৰৰ ৩১ ডিচেম্বৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বিভাগটোৱে প্ৰতিশ্ৰুত দিয়া বুলিও অভিযোগ উত্থাপিত কৰা পোৱা গৈছে প্ৰতিৱাদকাৰীসকলে৷ আজিৰ ঘটনাৰ পিছতেই বৃহত্তৰ ফলিমাৰী গাঁও পঞ্চায়তৰ ৰাইজৰ বহিঃবিশ্বৰে সৈতে বিচ্ছিন্ন হয় যোগাযোগ ব্যৱস্থা। উল্লেখযোগ্য যে, বিগত সাত বছৰে ধুবুৰীৰ বিধায়ক নজৰুল হক আৰু সাংসদ বদৰুদ্দিন আজমলে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে উত্তেজিত ৰাইজে।

     Byte:- প্ৰতিবাদকাৰী।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.