ধুবুৰী,22 জুলাইঃ চৰকাৰ আহে,চৰকাৰ যায় ৷ পৰিৱৰ্তন হয় ৰাজ্যৰ ৰাজনীতি আৰু উন্নয়নৰ গতি। কিন্তু পৰিৱৰ্তন নহয় ছিণ্ডিকেট। চৰকাৰ গঠনৰ পূৰ্বে যি দলেই নহওক কিয় ছিণ্ডিকেট বন্ধ কৰাৰ শ্লোগান লৈ দিছপুৰৰ গাদী দখল কৰে। বছৰ বছৰ ধৰি চলি আহিছে গৰু,শিল,কয়লা,পান,চুপাৰি,কণী আদি বিভিন্ন ছিণ্ডিকেট।
অসমত বহুল চৰ্চিত এটা বিষয় হৈছে ছিণ্ডিকেটৰাজ । প্ৰতিখন চৰকাৰৰ দিনত বছৰ বছৰ ধৰি চলি আহিছে গৰু,শিল,কয়লা,পান,চুপাৰি,কণী আদিকে কৰি একাধিক ছিণ্ডিকেট। কেৱল প্ৰতিটো নিৰ্বাচনৰ সময়ত দুৰ্নীতি আৰু ছিণ্ডিকেট বন্ধ কৰাৰ শ্ল'গানেৰে দিছপুৰৰ গাদী দখল কৰি আহিছে শাসক বিৰোধী বিভিন্ন ৰাজনৈতিক দলে। কিন্তু চৰকাৰ গঠনৰ পিছত শাসক পক্ষই পাহৰি যায় পূৰ্বৰ সকলো প্ৰতিশ্ৰুতি। ছিণ্ডিকেট চক্ৰই ৰং সলাই শাসক পক্ষৰ সৈতে মিলি নতুন উদ্যমেৰে আৰম্ভ কৰে বিভিন্ন ছিণ্ডিকেট। ইপিনে কেইবাটাও ছিণ্ডিকেটৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিগণিত হৈছে ধুবুৰী। ধুবুৰী জিলাত বছৰ বছৰ ধৰি চলি আহিছে গৰুৰ বিশাল ছিণ্ডিকেট। এটা ছিণ্ডিকেট চক্ৰই আৰক্ষী প্ৰশাসনৰ সৈতে মিলি বাংলাদেশলৈ গৰুৰ চোৰাং চালান অব্যাহত ৰাখিছে। সমান্তৰাল ভাৱে জিলা খনত সক্ৰিয় বন ধ্বংসৰ ছিণ্ডিকেটৰাজ।
ৰাজ্যৰ লগতে প্ৰতিবেশী ৰাজ্যৰ বনজ সম্পদ ধ্বংস কৰি মূল্যবান গছ কাটি তহিলং কৰিছে ছিণ্ডিকেট চক্ৰই। গাঁৱে গাঁৱে গঢ়ি উঠিছে অবৈধ মিল। জিলা খনত চলিছে অবৈধ বালি মাটিৰ লগতে শিলৰ ছিণ্ডিকেট। মুঠৰ ওপৰত একাংশ প্ৰশাসনিক বিষয়া আৰু আমোলা মন্ত্ৰীৰ আশীৰ্বাদত ছিণ্ডিকেটৰ প্ৰাণকেন্দ্ৰত পৰিণত হৈছে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা। কিন্তু এনে ছিণ্ডিকেটৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিলেই আহে সাংবাদিকৰ জীৱনলৈ ভাবুকি। আৰক্ষীৰ ৰোষত পৰিব লগীয়া হয় সাংবাদিক। তাৰেই এক উদাহৰণ ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মা । কিছুদিন পূৰ্বে বিভিন্ন ছিণ্ডিকেটৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰি বিপদত পৰিছিল সাংবাদিক গৰাকী ৷ বন বিভাগৰ বিষয়া বিশ্বজিৎ ৰায়ৰ এটা গোচৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে যোৱা 16 জুলাইৰ নিশা দুই বজাত ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে সাংবাদিক ৰাজীৱ শৰ্মাক। ইপিনে ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰৰ পিছতেই 16 জুলাইৰ পুৱা ৰাজীৱ শৰ্মাৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল তেওঁৰ অকলশৰীয়া ৰুগীয়া পিতৃৰ মৃতদেহ। কিন্তু বছৰ বছৰ ধৰি ছিণ্ডিকেট চলি আহিছে যদিও ছিণ্ডিকেট বন্ধ নকৰাৰ লগতে ছিণ্ডিকেটৰ নায়ক আৰু খলনায়কক ৰক্ষণাবেক্ষণ দি আহিছে চৰকাৰ আৰু প্ৰশাসনে। ইয়াকে লৈ ৰাজ্যৰ সাংবাদিক সকলৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।
ইপিনে,সাংবাদিক ৰাজীৱ শৰ্মাক 16 জুলাইৰ দিনা ধুবুৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে ১৯ জুলাইলৈ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে। আনহাতে ১৯ জুলাইৰ দিনা পুনৰ আদালতত হাজিৰ হোৱাৰ পিছত আদালতে পুনৰ ২২ জুলাইলৈ বৃদ্ধি কৰে অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা। ইপিনে আজি আদালতত হাজিৰ হয় চি আই ডিৰ দল আৰু সাংবাদিক ৰাজীৱ শৰ্মা। কিন্তু আজি পুনৰ আদালতে ৰাজীৱ শৰ্মাৰ অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা ৩১ জুলাইলৈ বৃদ্ধি কৰে । আনহাতে আদালতৰ পৰা বাহিৰ হোৱাৰ পিছত আদালতৰ ন্যায় ব্যৱস্থাৰ প্ৰতি পূৰ্ণ আস্থা আছে বুলি উল্লেখ কৰে সাংবাদিক ৰাজীৱ শৰ্মা।
উল্লেখযোগ্য যে,গোচৰটোৰ তদন্তৰ দায়িত্ব ইতিমধ্যে চি আই ডিক অৰ্পণ কৰা হৈছে। চি আই ডিৰ তদন্তত পৰৱৰ্তী সময়ত কি তথ্য পোহৰলৈ আহে লগতে অহা ৩১ জুলাইৰ দিনা আদালতে কি ৰায় প্ৰদান কৰে সেয়াই লক্ষণীয় হ'ব।
লগতে পঢ়কঃ উত্তৰ প্ৰদেশ চৰকাৰক গুণ্ডাৰাজ অভিহিত কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ