ETV Bharat / state

পূব বিলাসীপাৰাত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Mar 8, 2021, 3:38 PM IST

Updated : Mar 8, 2021, 3:52 PM IST

সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমান অব্যাহত আছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট ৷ বিজেপি-কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে মহাজোঁট বন্ধন গঠন কৰাৰ ফলত মিত্ৰতাৰ খাতিৰত দলসমূহৰ শীৰ্ষ নেতৃত্বই আন্তৰিক বুজাবুজিৰে বিভিন্ন সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ যাৰ বাবে বিভিন্ন সমষ্টিৰ দলৰ তৃণমূল কৰ্মী আৰু নেতাৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে ৷ ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছে ৷

WEST BILAHIPARA CONGRESS PROTEST
পূব বিলাসীপাৰাত কংগ্ৰেছ নেতা কৰ্মীৰ উত্তাল প্ৰতিবাদ

বিলাসীপাৰা, 8 মাৰ্চ : পূব বিলাসীপাৰাৰ লক্ষীগঞ্জত সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী নেতা-কৰ্মীয়ে । লক্ষীগঞ্জ ৰাজীৱ ভৱনৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ শ প্ৰতিবাদী কংগ্ৰেছীয়ে । দলীয় পতাকাও জ্বলাই দিয়ে প্ৰতিবাদী কংগ্ৰেছীয়ে । ৰাজীৱ ভৱনৰ ফলকখনৰো ক্ষতি সাধন কৰে প্ৰতিবাদকাৰীসকলে । ক্ষুদ্ধ নেতা-কৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু বিধায়ক ৱাজেদ আলী চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে ।

পূব বিলাসীপাৰাত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমান অব্যাহত আছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট ৷ বিজেপি-কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক দলে মহাজোঁট বন্ধন গঠন কৰাৰ ফলত মিত্ৰতাৰ খাতিৰত দলসমূহৰ শীৰ্ষ নেতৃত্বই আন্তৰিক বুজাবুজিৰে বিভিন্ন সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ যাৰ বাবে বিভিন্ন সমষ্টিৰ দলৰ তৃণমূল কৰ্মী আৰু নেতাৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে ৷ ঠায়ে ঠায়ে উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছে ৷

২৭ নং পূব বিলাসীপাৰা বিধানসভা সমষ্টিটো কংগ্ৰেছ দলে এআইইউডিএফৰ প্ৰাৰ্থীক এৰি দিয়াত সমষ্টিটোৰ কংগ্ৰেছ নেতা-কৰ্মীৰ মাজত ক্ষোভৰ উদগীৰণ ঘটে । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিদিলে ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : যোৰহাটত মনোনয়ন পত্ৰ দাখিল হিতেন্দ্ৰ নাথ গোস্বামীৰ

Last Updated : Mar 8, 2021, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.