ETV Bharat / state

Urea fertilizer seized: ধুবুৰীত বৃহৎ পৰিমানৰ চোৰাং ইউৰিয়া সাৰ জব্দ - Urea fertilizer seized in Dhubri

ৰাজ্যজুৰি চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ ধুবুৰীত চোৰাং ইউৰিয়া সাৰ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে (Urea fertilizer seized in Dhubri)৷

Urea fertilizer seized in Dhubri
Urea fertilizer seized: ধুবুৰীত বৃহৎ পৰিমানৰ চোৰাং ইউৰিয়া সাৰ জব্দ
author img

By

Published : Nov 29, 2022, 10:49 PM IST

ধুবুৰী, 29 নৱেম্বৰ: সমগ্ৰ ৰাজ্যজুৰি চোৰাং সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ ধুবুৰীত চোৰাং ইউৰিয়া সাৰ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে (Urea fertilizer seized in Dhubri)৷ ধুবুৰীত দীৰ্ঘ দিনে ইউৰীয়া সাৰৰ চোৰাং সৰবৰাহ অব্যাহত আছে (Urea fertilizer seized)৷ পশ্চিম বংগ, উত্তৰ প্ৰদেশৰ পৰা প্ৰতিদিনে অসমলৈ সৰবৰাহ হয় ট্ৰাকে ট্ৰাকে অবৈধ ইউৰীয়া সাৰ ৷

Urea fertilizer seized: ধুবুৰীত বৃহৎ পৰিমানৰ চোৰাং ইউৰিয়া সাৰ জব্দ

অসম-বংগ সীমান্তৰে ধুবুৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্ত লৈ অবৈধভাৱে বহিঃৰাজ্যৰ ইউৰিয়া সাৰ সৰবৰাহ হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ তেনে সময়তে আজি ধুবুৰী আৰক্ষীয়ে ধুবুৰীৰ পঞ্চঘাটত উপস্থিত হৈ এখন যন্ত্ৰ চালিত মালবাহী নাওসহ ষাঠি বস্তা চোৰাং সাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

এইক্ষেত্ৰত বিশেষ সূত্ৰই সদৰী কৰা মতে, ধুবুৰীৰ ভোগদহৰ অঞ্চলৰ এজন চোৰাং বেপাৰী আৰু ধুবুৰী চহৰৰ একাংশ ক্ষুদ্ৰ ব্যৱসায়ীয়ে ইউৰিয়া সাৰৰ এনে চোৰাং কাৰবাৰ কৰি আহিছে । এইক্ষেত্ৰত জিলা কৃষি বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ সেউজ সংকেত থকাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

উল্লেখ্য যে, ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কৃষক সকলে সাৰৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে কৃষকৰ বাবে পৰ্যপ্ত পৰিমাণৰ সাৰ যোগান ধৰিব নোৱাৰা ধুবুৰী জিলা কৃষি বিভাগ সাৰৰ চোৰাং কাৰবাৰৰ ক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি অহাৰো অভিযোগ উত্থাপিত হৈছে ৷

আনফালে অসম-বংগ সীমান্তত আৰক্ষীয়ে দিনে নিশাই চেকিং বহুৱাই ৰখাৰ সময়তে ট্ৰাকে ট্ৰাকে ইউৰিয়া সাৰ বহিঃৰাজ্যৰ পৰা কিদৰে অসমত প্ৰৱেশ কৰাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে ৷ অৱশ্যে ধুবুৰী আৰক্ষীয়ে নাওসহ সাৰ খিনি জব্দ কৰি তদন্ত আৰম্ভ কৰিছে৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তৰ অন্তত প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Jorhat Firing case: যোৰহাটৰ গুলীচালনা ঘটনাৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.